ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ ক্ৰমাৎ বৃদ্ধি পৰ্যটকৰ আগমন: পূৰ্বৰ তুলনাত বৃদ্ধি ৰাজহ

নতুন বছৰে সুখবৰ কঢ়িয়াই আনিছে ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ । ওদালগুৰি জিলা সদৰৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ পূব দৰং -ওদালগুৰি জিলাৰ সীমান্তৰ শিবড়ীত অৱস্থিত ৪৯২.৪৬ বৰ্গকিলোমিটাৰ মাটিকালিৰে এখন উদ্যানখন এতিয়া ওৰাং ব্যঘ্ৰ সংৰক্ষণৰূপে স্বীকৃত। পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে উদ্যানখনলৈ অহা পৰ্যটকৰ সংখ্যা । ২০১৭ৰ তুলনাত ২০১৮ ত প্ৰায় ৫০ হেজাৰতকৈ অধিক ৰাজহ সংগ্ৰহ কৰিছে উদ্যানখনে । বিগত বৰ্ষত প্ৰায় ৩০ হেজাৰতকৈ অধিক লোকৰ আগমন ঘটিছিল উদ্যানখনলৈ। এই বেলিও ক্ৰমাৎ পৰ্যটকৰ আগমনৰ সংখ্যা বৃদ্ধি পোৱাৰ বিষয়ে সদৰী কৰিছে কৰ্তৃপক্ষই।

Exit mobile version