অসম লোকসেৱা আয়োগৰ বিয়াগোম কেলেংকাৰী সন্দৰ্ভত ডিব্ৰুগড় থানাত ৰুজু হৈ থকা 936/2016 নম্বৰ গোছৰত এইবাৰ জেৰাৰ সন্মুখীন হব ৰাজ্যৰ কেইবাজনো হাই প্ৰফাইল ব্যক্তি । ইয়াৰ বাবে সংশ্লিষ্ট গোছৰৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে পুনৰ অতিৰিক্ত তিনিমাহ সময় বিছাৰি বিশেষ আদালতৰ দ্বাৰস্হ হৈছে ডিব্ৰুগড় আৰক্ষী ।ডিব্ৰুগড় আৰক্ষীৰ এক শীৰ্ষ সূত্ৰই এই কথা অৱগত কৰে।সূত্ৰটোৱে জনোৱা মতে , দন্ত্য চিকিৎসক ডা:অংশুমিতা গগৈয়ে দাখিল কৰা এজেহাৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে ৰুজু কৰা 936/2016 নম্বৰ গোছৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে আদালতে যোৱা পাঁচ জানুৱাৰীত অতিৰিক্তভাবে দুমাহ সম্পাদন সময় নিৰ্ধাৰণ কৰি দিয়ে। কিন্তু বিশেষ আদালতে নিৰ্ধাৰিত সময়ৰ ভিতৰত ডিব্ৰুগড় আৰক্ষীয়ে সংশ্লিষ্ট গোছৰৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে পুনৰ অতিৰিক্ত তিনিমাহ বিছাৰি বিশেষ আদালতত আজি দিনটো আবেদন দাখিল কৰে ডিব্ৰুগড় আৰক্ষীয়ে । ডিব্ৰুগড় জিলাৰ নিৰাপত্তা শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক তথা সংশ্লিষ্ট গোছৰৰ তদন্তকাৰী বিষয়া সুৰজিত সিং পানেছাৰে দাখিল কৰা সংশ্লিষ্ট আবেদনৰ শুনানিৰ বাবে বিশেষ আদালতে অহা 12 মাৰ্চ দিনটো ধাৰ্য কৰা বুলি সূত্ৰটোৱে জনায়।
জেৰাৰ সমুখীন হব কেইবাজনো হাই প্ৰফাইল ব্যক্তি
-
By admin
ADVERTISEMENT
- Categories: News, Uncategorized
- Tags: APSC
Related Content
মোডীৰ সতৰ্কবাণীৰ পাছতে জম্মুৰ চাম্বা ছেক্টৰত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!
By
publisher
May 12, 2025
'দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য
By
publisher
May 12, 2025
তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!
By
publisher
May 12, 2025
Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত
By
publisher
May 12, 2025
Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ
By
publisher
May 12, 2025