নুমলীগড়ত  নাহৰফুটুকীৰ সন্ত্ৰাস

নুমলীগড়ৰ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনস্হ ঢলাগুৰি চাহ বাগিছাত আজি পুনৰ এটা নাহৰফুটুকীয়ে আক্ৰমণ কৰি এগৰাকী মহিলাসহ দুজনকৈ লোকক গুৰুতৰভাৱে আহত কৰে।আজি দুপৰীয়া সংঘটিত হয় এই ঘটনা। নাহৰফুটুকীটোৱে প্ৰথম অৱস্থাত বাগিছাখনৰ  শ্ৰমিক বিপুল পাণিকাক আক্ৰমণ কৰা কিছু সময়ৰ পাছত বাগিছাখনৰে শ্ৰমিক ৰীণা মাঝি নামৰ মহিলা এগৰাকীক আক্ৰমণ কৰে। ফলত দুয়োজনে গুৰুতৰভাৱে আহত হয় ।নাহৰফুটুকীটোৱে দীৰ্ঘদিন ধৰি বৃহত্তৰ অঞ্চলটোত এনেধৰণে মানুহৰ ওপৰত চলোৱা বোলি ৰাইজে জানিবলৈ দিয়ে। উল্লেখ্য যে এই অঞ্চলতে বিগত তিনি মাৰ্চত পাঁচজন, পাঁচ মাৰ্চত পাঁচজন আৰু আজি দুজন লোকক নাহৰফুটুকীটোয়ে আক্ৰমণ কৰি এতিয়ালৈকে মুঠ 12 জনকৈ লোক চলিত মাহত আহঁত হৈছে ।বন বিভাগে এই ক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব’লৈ ৰাইজে দাবী জনাইছে ।
ADVERTISEMENT
Exit mobile version