হলিউডৰ ছবিত ব্যৱহাৰ হ’ব বাপি লাহিড়ীৰ গীত

হলিউডৰ ছবিত ব্যৱহাৰ কৰা হ’ব হিন্দী সংগীত শিল্পী বাপি লাহিড়ীৰ গীত ।মাৰ্ভেলৰ পৰৱৰ্তী ছুপাৰহিৰোৰ ছবিত লাহিড়ীৰ গীত ব্যৱহাৰ কৰা হ’ব। এই সন্দৰ্ভত আনুষ্ঠানিক ব্যৱস্থাপনাৰ বাবে অহা এপ্ৰিলত লাহিড়ী হলিউডলৈ যাব । উল্লেখ্য যে পূৰ্বেও হলিউডৰ ছবিত লাহিড়ীৰ গীত ব্যৱহাৰ হৈছিল ।’গাৰ্ডিয়ানছ অৱ দ্য গেলেস্কী-2′ ছবিখনৰ হিন্দী সংস্কৰণত ‘লাহিড়ীৰ ঝুম ঝুম ঝুম বাবা’ গীতটি পৰিৱেশন কৰা হৈছিল ।

ADVERTISEMENT
Exit mobile version