পাকিস্তানত এতিয়া সক্ৰিয় হৈ আছে ২২ টা সন্ত্ৰাসবাদীৰ প্ৰশিক্ষণ শিবিৰ আৰু ইয়াৰ বিৰুদ্ধে পাকিস্তান চৰকাৰে এতিয়ালৈকে কোনো ব্যৱস্থা লোৱা নাই । সক্ৰিয় হৈ থকা ২২ সন্ত্ৰাসবাদী সংগঠনৰ শিবিৰৰ নটাই হৈছে জইছ- ই-মহম্মদৰ। ৱাশ্বিংটনত ভাৰতৰ এজন জেষ্ঠ নিৰাপত্তা বিষয়াই আজি এই তথ্য প্ৰকাশ কৰে। বিষয়াজনে কয় যে সীমাৰ সিপাৰৰ পৰা সন্ত্ৰাসবাদীয়ে পুনৰ ভাৰতত আক্ৰমণ চলালে ভাৰতীয় সেনাই বালাকোটত চলোৱা আক্ৰমণৰ দৰে প্ৰত্যুত্তৰ দিবলৈ সাজু আছে।উল্লেখ্য যে যোৱা বুধবাৰে পাকিস্তানী সেনাবাহিনী দেশখনত জইছ-ই-মহম্মদৰ কোনো অস্তিত্ব নাই বুলি দাবী কৰিছিল ।নাম প্ৰকাশত অনিচ্ছুক বিষয়াজনে কয়,’ পাকিস্তান গোলকীয় সন্ত্ৰাসবাদৰ এক কেন্দ্ৰত পৰিণত হৈছে আৰু দেশখনে সন্ত্ৰাসবাদী সংগঠন তথা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বিশ্বাসযোগ্য পদক্ষেপ গ্ৰহণ কৰা উচিত। পাকিস্তানত জইছ-ই-মহম্মদে নটাকৈ সন্ত্ৰাসবাদী শিবিৰ সক্ৰিয় কৰি ৰাখিছে । তদুপৰি এতিয়াও 22 টা সন্ত্ৰাসবাদী প্ৰশিক্ষণ কেন্দ্ৰ সক্ৰিয় হৈ আছে কিন্তু এতিয়ালৈক পাক চৰকাৰে এইক্ষেত্ৰত লোৱা নাই ব্যৱস্থা।
ভাৰতীয় চোৰাংচোৱাৰ তথ্য পাকিস্তানত আছে ২২ টা সন্ত্ৰাসবাদীৰ শিবিৰ, নটা জইছৰ
-
By admin
ADVERTISEMENT
- Categories: News
Related Content
পুনৰ কঁপি উঠিল পাকিস্তান!
By
publisher
May 12, 2025
Virat Kohli Retires From Test Cricket: ভাৰতীয় ক্ৰিকেটৰ বাবে এক দুঃখবৰ ৷
By
publisher
May 12, 2025
মহাকাশৰ পৰা ভাৰতক নিৰাপত্তা দিছে ১০টি কৃত্রিম উপগ্রহে !
By
publisher
May 12, 2025
Ghagrapar:ঘগ্রাপাৰ জিলা পৰিষদত বিজেপি-অগপৰ মিত্ৰজোঁটৰ প্রাৰ্থী ডিম্বেশ্বৰ বেজবৰুৱা বিপুল ভোটত জয়লাভ
By
publisher
May 12, 2025
Panchayat Election Results 2025:ধেমাজিতো অপ্ৰতিৰোধ্য গতি মিত্ৰজোঁটৰ
By
publisher
May 12, 2025