গোলাঘাট আৰু যোৰহাট জিলাত অবৈধ চুলাই মদ সেৱন কৰি 181 জনকৈ ব্যক্তিয়ে প্ৰাণ হেৰুৱাৰ পিছতে আজি পুনৰ বিষাক্ত চুলাই মদ সেৱন কৰি প্ৰাণ হেৰুৱালে তিনিজন লোকে। গোলাঘাট জিলা প্ৰশাসনে গোলাঘাট সুৰাৰ কাণ্ডৰ পিছতে জিলা খনৰ বিভিন্ন স্হানত অভিযান চলাই হাজাৰ হাজাৰ লিটাৰ চুলাই মদ জব্দ কৰাৰ লগতে 40 জনতকৈ অধিক ব্যক্তিক জেললৈ প্ৰেৰণ কৰিছে যদিও জিলাখনৰ বিভিন্ন স্হানত এতিয়াও চুলাই মদৰ ব্যৱসায় চলি থকা কথা আজি ঘটনাটোৱে প্ৰমাণ কৰিছে । বিগত 21 ফেব্ৰুৱাৰীৰ পৰা 26 ফেব্ৰুৱাৰীৰ ভিতৰত যোৰহাট আৰু গোলাঘাট জিলা সংঘটিত হোৱা কৰুণ ঘটনাটো মাৰ নাযাওতেই আজি গোলাঘাট মৰঙি পানীকৰা গাৱত দুজন সুৰাপায়ী মৃত্যু হোৱাৰ ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে আতংকৰ।মৰঙীত মৃত্যু হোৱা ব্যক্তি দুজন হৈছে ৰাতুল দাস আৰু জিতু দাস । আনহাতে একে অঞ্চলৰ দীপক ৰাজবংশী নামৰ এজন ব্যক্তি চিকিৎসালয়ত মৃত্যুৰে যুজি আছে। আনহাতে গোলাঘাট চহৰৰ মিচনপট্ৰিটো এজন সুৰাপায়ীৰ মৃত্যু ঘটিছে । আৰু দুজন ব্যক্তি গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ঘটনাক কেন্দ্ৰ কৰি মৰঙীত উত্তেজিত হৈ চুলাই ঘাটিত উপস্থিত হৈ খণ্ড যুদ্ধত লিপ্ত হয় আৰু আৰক্ষী আৰু আবকাৰী বিভাগৰ চুলাই মদৰ ব্যৱসায়ী লগত মিতিৰালি আছে বুলি অভিযোগ কৰে।
পুনৰ চুলাই মদৰ আতংক : নিহত তিনি
-
By admin
ADVERTISEMENT
- Categories: News
- Tags: AssamIllicit Liquor Tragedy
Related Content
মোডীৰ সতৰ্কবাণীৰ পাছতে জম্মুৰ চাম্বা ছেক্টৰত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!
By
publisher
May 12, 2025
'দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য
By
publisher
May 12, 2025
তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!
By
publisher
May 12, 2025
Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত
By
publisher
May 12, 2025
Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ
By
publisher
May 12, 2025