মহানগৰীত বাঘৰ আক্ৰমণত আহত দম্পতি

গুৱাহাটীৰ মালিগাঁও শংকৰদেৱ নগৰত নিশা নাহৰফুটুকী বাঘে তাণ্ডৱৰ সৃষ্টি কৰে।বাঘৰ আক্ৰমণত আহত হয় দীপকহুজুৰি আৰু কমলা হুজুৰি নামৰ দম্পতি। নিশা প্ৰায় দুই বজাত গৰালৰ ভিতৰত ছাগলী বিচাৰি অহা বাঘ এটাই খিৰিকীৰে বাসগৃহত প্ৰৱেশ কৰি আহত কৰা স্বামী -স্ত্ৰীদ্বয় গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। সম্প্ৰতি তেওঁলোক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।

ADVERTISEMENT
Exit mobile version