কেন্দ্ৰত কোনে চৰকাৰ গঠন কৰিব তাকে লৈ ব্যাপক চৰ্চা

jjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjj

লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে কেন্দ্ৰত কোনে চৰকাৰ গঠন কৰিব তাকে লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে। ইয়াৰ সমান্তৰালভাৱে আগতীয়া বিভিন্ন নিৰ্বাচনী সমীক্ষা প্ৰকাশ পাইছে। এনে এক সমীক্ষা অনুযায়ী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা ঊৰ্ধমুখী হৈছে। পুলৱামা কাণ্ডৰ পাছত মোদীৰ জনপ্ৰিয়তা বৃদ্ধি পাবলৈ ধৰিছে। তাৰ তুলনাত ৰাহুল গান্ধী ক্ৰমাৎ হ্ৰাস পাইছে। চলিত বৰ্ষৰ ৫ ফেব্ৰুৱাৰীৰ পৰা ২১ ফেব্ৰুৱাৰীৰ ভিতৰত চলোৱা এক সমীক্ষাত দেখা গৈছে যে মোদীৰ ৰেটিং সাত শতাংশ বৃদ্ধি পাই ৫২ শতাংশ হৈছে। ৰাহুলৰ ৰেটিং ২৭। জানুৱাৰীত মোদীৰ ৪৪.৪ আৰু ৰাহুলৰ ৰেটিং ৩০ আছিল।

ADVERTISEMENT
Exit mobile version