ব্ৰিটিছ প্ৰধানমন্ত্ৰী টেৰেছা মেৰ প্ৰস্তাৱিত তথা সংশোধিত ব্ৰেক্সিট চুক্তি পুনৰ প্ৰত্যাখ্যান কৰিলে বিট্ৰেইনৰ সংসদে।ভাৰতীয় সময় অনুসৰি যোৱা নিশা ব্ৰিটিছ সদনত অনুষ্ঠিত হোৱা ভোটত টেৰেছাৰ ব্ৰেক্সিট প্ৰস্তাৱৰ বিৰুদ্ধে 391 টা ভোট গৃহীত হয় আৰু এই প্ৰস্তাৱ সপক্ষে মাত্ৰ 242 জনেহে ভোট দিয়ে। প্ৰধানমন্ত্ৰী টেৰেছাই দাবী কৰা মতে, ব্ৰেক্সিট চুক্তি সংশোধনৰ বাবে যি সমূহ দাবী উৎত্থাপন হৈছিল সেই অনুসৰি চুক্তিখনৰ সংশোধন ঘটোৱা হৈছিল ।সেয়েহে এইবাৰ এই চুক্তিখনত সংসদে অনুমোদন জনাব বলি টেৰেছাই আশা কৰিছিল । কিন্তু ভোটৰ ফলাফলত প্ৰধানমন্ত্ৰীগৰাকী নিৰাশ হ’ব লগা হয় ।স্মৰ্তব্য যে যোৱা 16 জানুৱাৰীত ব্ৰিটিছ সংসদত টেৰেছাই প্ৰথম ব্ৰেক্সিট চুক্তি দাখিল কৰিছিল । কিন্তু সেইবাৰো তেওঁ শোচনীয়ভাবে পৰাজিত হৈছিল । ব্ৰিটিছ সাংসদ সকলে চুক্তিখনৰ কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় সংশোধন কৰিব’লৈ দাবী কৰি কৈছিল যে অন্যথা চুক্তিখন সদনত গৃহীত নহ’ব.
ব্ৰেক্সিট ভোটত পুনৰ পৰাজয় টেৰেছাৰ
-
By admin
ADVERTISEMENT
Related Content
সৰুপথাৰত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী !
By
publisher
April 23, 2025
ভূমিকম্পত কঁপি উঠিল তুৰ্কী !
By
publisher
April 23, 2025
পহেলগাম হত্যাকাণ্ডৰ পাছত ভাৰতৰ স'তে থিয় দিয়াৰ বাৰ্তা ট্ৰাম্পৰ! মোডীৰ স'তে বৰ্তালাপ
By
publisher
April 23, 2025
পাকিস্তানত আছে ২.২ কোটি ভিক্ষাৰী
By
publisher
April 23, 2025
ঘগ্ৰাপাৰৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰ সংযোগী একমাত্ৰ পথ বন্ধৰ বিকল্প পথ মেৰামতিৰ দাবীত আছুৰ বিক্ষোভ প্রতিবাদত
By
publisher
April 23, 2025
চৌদি ভ্ৰমণৰ মাজভাগতে দেশলৈ উভতি আহিছে মোডী!
By
publisher
April 23, 2025