ইথিউপিয়ান এয়াৰলাইন্সৰ বিমান দূৰ্ঘটনাৰ পৰিণতিত ভাৰতত ব’য়িং 737 মেক্স বিমানৰ যোগান নিষিদ্ধ কৰিলে অসামৰিক বিমান পৰিবহন বিভাগে। পৰিৱৰ্তী নিৰ্দেশ জাৰি নকৰালৈকে এই বিমানৰ সেৱা বন্ধ থাকিব । যোৱা নিশা ডি জি চি এয়ে এক নিৰ্দেশনা জাৰি কৰি এই কথা প্ৰকাশ কৰে। প্ৰয়োজনীয় আধুনিকীকৰণ আৰু যাত্ৰীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ পাছতহে এনে বিমানৰ সেৱা পুনৰ আৰম্ভ কৰাৰ অনুমতি দিয়া হব বুলি নিৰ্দেশনাটোত কোৱা হৈছে । উল্লেখ্য যে ভাৰতৰ দুই বেচৰকাৰী বিমান পৰিবহন সংস্থা স্পাইচ জেট আৰু জেট এয়াৰৱেজৰ কে’বাখনো ব’য়িং 737 মেক্স বিমান আছে । যোৱা দেওবাৰে ইথিউপিয়ান এয়াৰলাইন্সৰ এখন ব’য়িং 737 মেক্স বিমান মাজ আকাশত দূৰ্ঘটনাগ্ৰস্ত হোৱাত 157 যাত্ৰী নিহত হৈছিল । ইয়াৰ পাছতে জাৰ্মানী, ফ্ৰান্স, ব্ৰিটেইন, ছিংগাপুৰ,চীন, মালয়েছিয়া , দক্ষিণ কোৰিয়া আৰু অষ্টেলিয়াই ব’য়িং 737 মেক্স বিমানৰ সেৱা নিষিদ্ধ কৰে।
ভাৰতত নিষিদ্ধ হ’ৱ ব’য়িং 737 মেক্স বিমান
-
By admin
![Assam News Today | ভাৰতত নিষিদ্ধ হ'ৱ ব'য়িং 737 মেক্স বিমান - Dainik Agradoot | jvsm2ba boeing 737 max reuters](https://i0.wp.com/dainikagradoot.in/wp-content/uploads/2019/03/jvsm2ba_boeing-737-max_reuters-_625x300_06_December_18.jpg?fit=650%2C400&ssl=1)
- Categories: News
Related Content
মই ‘এক দেশ এক নিৰ্বাচন’ৰ সমৰ্থনত আছোঃ মন্ত্ৰী পীযুষ হাজৰীকা
By
publisher
December 18, 2024
Prominent pious woman Nani Bujarbaruah Passed Away:ঘগ্ৰাপাৰ দতৰাৰ বিশিষ্ট ধৰ্মপ্ৰাণ মহিলা ননী বুজৰবৰুৱাৰ দেহাৱসান
By
publisher
December 18, 2024
Guwahati High Court Bans Buffalo and Bulbul fight in Assam:ৰাজ্য চৰকাৰৰ এছ অ পি খাৰিজ উচ্চ ন্যায়ালয়ৰ
By
publisher
December 18, 2024
Poet Sameer Tanti wins Sahitya Akademi Award:প্রথিতযশা কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমী বঁটা
By
publisher
December 18, 2024
Alka Thakur is the first Indian woman to do a PhD in flute-playing:বাঁহী বাদন বিষয়ত ডক্টৰেট ডিগ্রী
By
publisher
December 18, 2024
Tragic accident in Barkhala: মৰ্মান্তিক ! শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে কণমানি কন্যা সহ মাতৃ
By
publisher
December 18, 2024