মুখ খুলিলেই বিতৰ্কৰ সূচনা কৰা হোজাইৰ বিধায়ক শিলাদিত্য দেবে সমাগত লোকসভা নিৰ্ব্বাচনৰ আগত পুনৰ বিতৰ্কিত মন্তব্য কৰিছে । এইবাৰ হোজাই আৰু কাৰ্বি সীমান্তৰ উচ্ছেদিত সকলক লক্ষ্য কৰি বিতৰ্কিত মন্তব্য কৰিছে বিধায়ক জনে। হোজাইত আজি সংবাদ মাধ্যমত বিধায়ক জনে কয়,’সীমান্তত উচ্ছেদিত সকল বাংলাদেশী মুছলমান । এই সকলক এতিয়াই উচ্ছেদ নকৰিলে হোজাই জিলাৰ লামডিং বনাঞ্চল খন মিনি বাংলাদেশ হব বুলি কয়। এই বাংলাদেশী মুছলমান সকলক কংগ্ৰেছ দলে ভোট বেংকৰ স্বাৰ্থত সংস্থাপন কৰিছে ।শিলঘাট এক্সপ্ৰেছ ৰে’লত এই বাংলাদেশী মুছলমান সকল ধুবুৰীৰ বাংলাদেশ সীমান্ত পাৰ হৈ অসমলৈ আহি নগাঁওৰ পৰা বাছ যোগে লামডিং বনাঞ্চলত বেদখল কৰি বসবাস কৰি আছে’। এই সকলে ডিঙিত অসমীয়া গামোচা, দুটা মান অসমীয়া কথা শিকি নিজকে খিলঞ্জীয়া বুলি দাবী কৰি ভূমি বেদখল কৰে বুলি বিধায়ক জনে কয় ।’এই বাংলাদেশী মুছলিম সকলৰ ইয়াত কিছুমান এজেণ্ট আছে । এই এজেণ্ট জৰিয়তে অসমত প্ৰৱেশ কৰি অসমৰ ভূমি বেদখল কৰাৰ উপৰিও ভোটৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰি ভুৱা কাগজ তৈয়াৰ কৰি লয়। এনে লোক সকলক ভোটৰ স্বাৰ্থত কংগ্ৰেছ দলে সহায় কৰে। এইদৰে বিতৰ্কিত বিধায়ক জনে মন্তব্য কৰে।
কাৰ্বি সীমান্তৰ উচ্ছেদিত সকল বাংলাদেশী মুছলমান ,ভোটৰ স্বাৰ্থত কংগ্ৰেছে এই সকলক সংস্থাপন দিছিল: শিলাদিত্য
-
By admin
ADVERTISEMENT
- Categories: News
Related Content
ভাৰত-পাকিস্তানৰ সংঘাতৰ বাবে বন্ধ হৈ থকাৰ পাছত বুধবাৰৰ পৰা পুনৰ আৰম্ভ হয় বৈষ্ণ দেৱী হেলিকপ্টাৰ সেৱা
By
publisher
May 14, 2025
ড্র'ন আক্ৰমণ প্ৰতিহত কৰিবলৈ এইবাৰ ভাৰতৰ হাতত আছে ‘ভার্গবাস্ত্র’!
By
publisher
May 14, 2025
পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম
By
publisher
May 14, 2025
ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰি বিপদত পৰিল বিজেপি মন্ত্ৰীৰ
By
publisher
May 14, 2025
Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ
By
publisher
May 14, 2025
Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স'তে বাৰ্তালাপ
By
publisher
May 14, 2025