এটি চাৰি বছৰীয়া কন্যা শিশুক দুৰ্বৃত্তই ধৰ্ষণ কৰি পাছত হত্যা কৰা ঘটনাক লৈ আজি উত্তাল হৈ পৰে চিৰাঙৰ চিদলী অঞ্চল । চিদলী থানাৰ পৰা মাত্ৰ এশ মিটাৰ দুৰত্বত শিশুটিৰ মৃতদেহ আজি পুৱা উদ্ধাৰ হয় । পিতৃহীনা শিশুটিয়ে দৰিদ্ৰ আইতাকৰ সৈতে বাস কৰিছিল । ঘৰে ঘৰে ভিক্ষা কৰি অথবা দিন হাজিৰা কৰি প্ৰৱৰ্তোৱা আইতাক ঘৰত নথকাৰ সময়ত কালি শিশুটি ৰহস্যজনকভাৱে সন্ধানহীন হয়। সন্ধিয়া আইতাক ঘৰত আহি শিশুটিক বিছাৰি নাপায় আৰক্ষীৰ দ্বাৰস্হ হয় । আজি পুৱা ভুক্তভোগীৰ উলংগ মৃতদেহ চিদলী আৰক্ষী থানাৰ পৰা মাত্ৰ এশ মিটাৰ নিলগৰ বক্ৰ নৈৰ পাৰত উদ্ধাৰ হয় । মৃতদেহৰ কিছু দূৰত ভুক্তভোগীৰ কাপোৰ আৰু ধৰ্ষণকাৰীৰ এটা হাফপেণ্ট উদ্ধাৰ হয় । পাছত দণ্ডাধীশসহ আৰক্ষী ঘটনাস্হলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনাটোক লৈ অঞ্চলটোৰ ৰাইজ শোকত ভাগি পৰিছে । আনহাতে, শিশুটিৰ মৃতদেহ উদ্ধাৰৰ পাছতে চিদলী অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ -ছাত্ৰীয়ে সমদল উলিয়াই আহি আৰক্ষীৰ থানাৰ সন্মুখত ধৰ্ণা দিয়ে।
চিদলীত চাৰি বছৰীয়া শিশুক ধৰ্ষণ -হত্যা : ধৰ্ণা
-
By admin

ADVERTISEMENT
Related Content
নগদ ১৭ কোটি টকা, পাঁচ কোটি সোণ সহ জাম্বিয়া বিমানবন্দৰত গ্ৰেপ্তাৰ ভাৰতীয়!
By
publisher
April 20, 2025
প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনত বিধ্বস্ত জম্মু-কাশ্মীৰ,
By
publisher
April 20, 2025
'জাট' ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে
By
publisher
April 20, 2025
বৃদ্ধি পাইছে উগ্ৰপন্থীৰ সংখ্যা
By
publisher
April 20, 2025
'মই এনেকুৱা এটা মৃত্যু বিচাৰো যিয়ে বিশ্বক জোকাৰি যাব'
By
publisher
April 20, 2025
পঞ্চায়ত নিৰ্বাচন উপলক্ষে ধেমাজিত মন্ত্ৰী পীযুষ হাজৰীকাৰ নিৰ্বাচনী প্ৰচাৰ
By
publisher
April 19, 2025