প্ৰাৰ্থী বাছনিক লৈ দিল্লীত অব্যাহত থকা কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ তৎপৰতাত প্ৰাৰ্থীত্ব প্ৰত্যাশীসকলৰ উৎকণ্ঠাও তুংগত উঠিছে । ইয়াৰ মাজতে কালি নিশা আন কেইবাখনো ৰাজ্যৰ উপৰি অসমৰো প্ৰথম পৰ্যায়ৰ নিৰ্ব্বাচনৰ পাঁচটা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হয়। ইয়াৰ পাছতে আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্ব্বাচনৰ প্ৰাৰ্থী বাছনিৰ প্ৰক্ৰিয়া । ৰাজ্যিক নিৰ্ব্বাচন সমিতিৰ শীৰ্ষ নেতাৰ সদৰী কৰা অনুসৰি দ্বিতীয় পৰ্যায়ৰ নিৰ্ব্বাচনৰো প্ৰাৰ্থী বাছনি প্ৰায় চূড়ান্ত কৰা হৈছে । কেৱল দুই-এটা সমষ্টিতহে নাম চূড়ান্ত কৰাৰ ক্ষেত্ৰত বাচনি সমিতিৰ সদস্যৰ মাজত মত পাৰ্থক্য আছে । কেন্দ্ৰীয় নিৰ্ব্বাচন সমিতিৰ বৈঠকত সেয়া চূড়ান্ত কৰা হব । ইয়াৰ বিপৰীতে তৃতীয় পৰ্যায়ৰ নিৰ্ব্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টিবোৰৰ প্ৰাৰ্থীক লৈ আলোচনা কেন্দ্ৰীয় স্তৰত এই পৰ্যন্ত আৰম্ভই হোৱা নাই । ৰাজ্যিক বাচনি সমিতিয়ে গুৱাহাটীত অনুষ্ঠিত কৰা বৈঠকত যি পেনেল প্ৰস্তুত কৰিছিল তাতে প্ৰক্ৰিয়াটো ৰৈ আছে। উল্লেখ্য যে প্ৰথম পৰ্যায়ৰ নিৰ্ব্বাচন অনুষ্ঠিত হ’বলগীয়া পাঁচটা সমষ্টিৰ বাবে কালি ঘোষণা কৰা নাম কেইটা হ’ল কৰিমগঞ্জত স্বৰূপ দাস , শিলচৰত সুস্মিতা দেৱ, কলিয়াবৰত গৌৰৱ গগৈ, যোৰহাটত সুশান্ত বৰগোহাঁই আৰু ডিব্ৰুগড়ত পৱন সিং ঘাটোৱাৰ।
কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাছতে অসন্ত্তষ্টি
-
By admin
Related Content
বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
By
publisher
April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
By
publisher
April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
By
publisher
April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
By
publisher
April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
By
publisher
April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
By
publisher
April 29, 2026