প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় সমষ্টি বাৰানসীত এক অভিনৱ ৰেলী অনুষ্ঠিত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে কংগ্ৰেছে । প্ৰধানমন্ত্ৰী সংসদীয় সমষ্টিত কংগ্ৰেছৰ সদ্য নিযুক্ত সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে এক নৌকাযাত্ৰাত অংশ লব। এই নৌকাযাত্ৰাৰ জৰিয়তে প্ৰিয়ংকাই আগন্তুক লোকসভা নিৰ্ব্বাচনৰ বাবে কংগ্ৰেছৰ হৈ ভোটদাতাৰ সতে প্ৰত্যক্ষ যোগাযোগ স্হাপন কৰি দলৰ প্ৰচাৰ চলাব । প্ৰকাশিত বাতৰি অনুসৰি প্ৰিয়ংকাই অহা 18 ৰ পৰা 20 মাৰ্চলৈ বাৰানসীত থাকিব আৰু 18 মাৰ্চত তেওঁ প্ৰয়াগৰাজত হ’ব আৰু ইয়াৰ পৰাই তেওঁ বাৰানসীলৈ নৌকাযাত্ৰা কৰিব । প্ৰিয়ংকাৰ বহু পৰিকল্পিত নৌকাযাত্ৰাৰ বাবে অনুমতি বিছাৰি কংগ্ৰেছে ইতিমধ্যে নিৰ্ব্বাচন আয়োগৰ দ্বাৰস্হ হৈছে । তিনিদিনীয়া ভ্ৰমণকালত প্ৰিয়ংকাই একাধিক নিৰ্ব্বাচনী সভাত ল’ব বুলি আজি দলৰ সূত্ৰই প্ৰকাশ কৰে। এই নৌকাযাত্ৰাৰ জৰিয়তে প্ৰিয়ংকাই মোদী চৰকাৰে বিগত পাঁচ বছৰত গংগা পৰিস্কৰণৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা ব্যৰ্থতাক দাঙি ধৰাৰ চেষ্টা চলোৱাৰ লগতে নৈপৰীয়া ৰাইজৰ বেদনাৰ বজ ল’ব।
মোদীৰ বাৰানসীত কংগ্ৰেছৰ প্ৰিয়ংকাই চলাব নাও
-
By admin

ADVERTISEMENT
- Categories: News, Politics
- Tags: Loksabha ElectionPriyanka Gandhi
Related Content
ৰাজস্থান গাঁৱত উদ্ধাৰ হ'ল সাত ফুট দৈৰ্ঘ্যৰ ড্ৰ'ন ! সতৰ্কবাণী জাৰি
By
publisher
May 15, 2025
দক্ষিণ গাজাত হোৱা বোমাবৰ্ষণত কমেও ৫৪ জন লোকৰ মৃত্যু, খান ইউনিছ চহৰৰ মৰ্গত গোট খাইছে মৃতদেহ!
By
publisher
May 15, 2025
CBSE :চিবিএচই ৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত ৯৪.২ শতাংশৰে উজ্বলিল ঢেকীয়াখোৱাৰ অংকিতা
By
publisher
May 15, 2025
Rape Incident In jamagurighat:হৃদয়বিদাৰক! সম্পৰ্কীয় ককায়েকৰ কামনাৰ বলি হ'ল শাৰীৰিকভাৱে সক্ষম ভনীয়েক
By
publisher
May 15, 2025
প্ৰথম দিনাই ট্ৰাম্পৰ কোম্পানীৰ ৩,২৫০ কোটিৰ ফ্লেট বিক্ৰী হ'ল
By
publisher
May 15, 2025
BCCI Secretary Devojit loan Saikia:আই পি এল পুনৰ আৰম্ভ হ'ব অহা ১৭ মে'ৰ পৰা
By
publisher
May 15, 2025