স্বাস্থ্যৰ বাবে অতিশয় উপকাৰী ফলবোৰৰ ভিতৰত অন্যতম হ’ল আঙুৰ। এবিধ সৰু ফল, অথচ কাৰ্যকাৰিতা বিশাল । আঙুৰ খোৱাৰ পাছতে আপুনি শৰীৰটো সতেজ অনুভৱ কৰিব । যথেষ্ট পৰিমাণে ভিটামিন থাকে আঙুৰত। গতিকে আপুনি যদি পুৱা শুই উঠি আঙুৰ খাব পাৰে, তেন্তে শাৰীৰিকভাৱে যথেষ্ট লাভৱান হব পাৰিব। ক’লা আৰু ৰঙা আঙুৰ বিয়লি বেলা খাব পাৰিলে ভাল।
আঙুৰ খালে হাওঁফাওঁত জমা হোৱা কফ বাহিৰলৈ ওলাই আহে। ফলত কাহৰ পৰাও আৰাম পোৱা যায় । বুকুৰ ঢপঢপনি, হঠাতে চক খোৱা, মূৰ ঘূৰোৱা আদিৰ ৰোগৰ বাবেও আঙুৰ উপকাৰী। পেটত গেছ হ’লেও আঙুৰে উপকাৰ কৰে। যদি প্ৰস্ৰাৱ বন্ধ হয় তেতিয়াও আঙুৰ খালে উপকৃত হয়। পকা আঙুৰক মাইগ্ৰেনৰ ঘৰুৱা দৰৱ হিচাপেও গণ্য কৰা হয় । আঙুৰে বুকুৰ বিষৰ ক্ষেত্ৰতো কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে।
কিছু দিন পযাৰ্প্ত পৰিমাণে আঙুৰ খালে যিকোনো ৰোগ নিয়ন্ত্ৰণ কৰিব পৰা যায় । পানী আৰু পটাছিয়ামৰ মাত্ৰা অধিক থকাৰ বাবেই আঙুৰৰ গুৰুত্ব বেছি । ডায়েবেটিছৰ ক্ষেত্ৰতো ই বৰ উপকাৰী। অৱশ্যে মনত ৰখা ভাল যে সকলো বস্তুৰে অতিমাত্ৰা হোৱা বেছি ।
স্বাস্থ্যবন্ধু আঙুৰ
