উত্তৰ পূৱৰ বিজেপিৰ মিত্ৰজোঁটত ফাট

IMG 20190318 011045

উত্তৰ পূবত আঞ্চলিক দল সমূহৰ ভিতৰত অগপক বাদ দি অঞ্চলটোৰ অধিকাংশ দলেই বিজেপিৰ সৈতে জোটবন্ধন কৰি নিৰ্বাচন নেখেলে বুলি স্পষ্ট কৰি দিছে। উল্লেখযোগ্য যে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে ঘোষণা কৰে যে দলে এন পি পি,অগপ,বিপিএফ আদিৰ সৈতে নিৰ্বাচনত অৱতীৰ্ণ হব।কিন্তু তেওঁৰ এনে ঘোষণাৰ পিছতো এন পি পি যে অকলে প্ৰতিদ্বন্দিতা কৰিব বুলি ঘোষণা কৰিছে।অলপতে দলৰ মুৰৰবী তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই স্পষ্ট ভাবে ঘোষণা কৰে যে এন পি পি য়ে বিজেপিৰ সৈতে কোনো প্ৰাক নিৰ্বাচনী বুজা পৰা নকৰে।একেদৰে ত্ৰিপুৰাৰ বিজেপি মিত্ৰজোট চৰকাৰৰ অংশীদাৰ দল আই পি এফ টি য়েও বিজেপিৰ সৈতে নিৰ্বাচনী বুজা পৰা নকৰে বুলি স্পষ্ট কৰি দিছে।দলটোৰ সভাপতি তথা ৰাজ্যখনৰ ৰাজহ মন্ত্ৰী এন চি দেৱ বাৰ্মাই সাংবাদিকক জনোৱা মতে ৰাজ্যখনৰ দুয়োটা সমষ্টিতে আই পি এফ টি য়ে প্ৰতিদ্বন্দিতা কৰিব।

ব।

Exit mobile version