লোকসভা নিৰ্ব্বাচনৰ কাষ চাপি অহাৰ লগে লগে ৰাজনৈতিক দলৰ মাজত পৰস্পৰক আক্ৰমণ কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে । কেন্দ্ৰীয় মন্ত্ৰী মহেশ শৰ্মাই উত্তৰ প্ৰদেশৰ বুলন্দ চহৰত এখন জনসভাত অংশ লৈ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা পূব উত্তৰ প্ৰদেশৰ প্ৰভাৰী প্ৰিয়ংকা গান্ধীক কঠোৰভাৱে সমালোচনা কৰিলে।ভাষণ প্ৰসংগত মন্ত্ৰী শৰ্মাই কয় যে মায়াৱতী, অখিলেশ যাদৱ আৰু এতিয়া পাপ্পু আৰু পাপ্পুৰ পপ্পি ( প্ৰিয়ংকা গান্ধী)য়ো উত্তৰ প্ৰদেশত হাজিৰ হ’ল । ‘পাপ্পুৱে কয় মই প্ৰধানমন্ত্ৰী হ’ম। মায়াৱতী, অখিলেশ যাদৱ আৰু পাপ্পু পপ্পিয়ো উপস্থিত হ’ল। প্ৰিয়ংকা কংগ্ৰেছৰ কন্যা নহয় জানো? তেন্তে কি নতুনত্ব দলটোৱে আনিলে? প্ৰথমে নেহেৰু পাছত ৰাজীৱ গান্ধী, পাছত ৰাহুল গান্ধী, এইবাৰ প্ৰিয়ংকা গান্ধী। আৰু কোনোবাক যদি কংগ্ৰেছে আনে , তেন্তে তেওঁ গান্ধীয়ে হ’ব।’ কেন্দ্ৰীয় মন্ত্ৰীজনে সভাত এইদৰে প্ৰিয়ংকাক উদ্দেশি কটাক্ষ কৰে।
পাপ্পুৰ পাছত পপ্পিও আহিল
-
By publisher

ADVERTISEMENT
- Categories: News, Politics
- Tags: BJPCongressLoksabha ElectionPriyanka Gandhi
Related Content
জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত
By
publisher
May 11, 2025
India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
By
publisher
May 10, 2025
ভাৰত-৫, পাকিস্তান-৩... বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
By
publisher
May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
By
publisher
May 10, 2025