বকোত দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ : গ্ৰেপ্তাৰ দুজন

IMG 20190318 WA0009

 

পশ্চিম কামৰূপ বনসংমণ্ডল প্ৰাধিকাৰী বিষয়া কাৰ্যালয়ৰ অধীনৰ বন্দাপাৰা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ৰাজাপাৰা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সন্ধিয়া উদ্ধাৰ হয় দুস্প্ৰাপ্য প্ৰজাতিৰ এটি বনৰৌ ৷এক গোপন সূত্ৰৰ পম খেদি গুৱাহাটী শুল্ক বিভাগৰ এক অভিযানত উদ্ধাৰ হয় ৮ কিঃগ্ৰাম ওজনৰ এই বনৰৌটো । লগতে গ্ৰেপ্তাৰ কৰে গুৱাহাটী মহানগৰৰ গড়চূক ছৌকুছিৰ ব্ৰজেন ৰাভা(৫০) আৰু পূব গাৰো পাহাৰৰ গ্ৰেমিট চাংমা(৩৬)ক ৷ ১৯৭২ ৰ বন্যপ্ৰানী সুৰক্ষা আইনৰ অধীনত দুয়োজনকে গ্ৰেপ্তাৰ কৰি বকো আৰক্ষীক চমজাই দিয়ে ৷ জানিব পৰা মতে, পূব গাৰো পাহাৰৰ ডুবিলৰ পৰা এ এচ ২৬, ৪২২৫ নম্বৰৰ ছেন্ট্ৰ গাড়ীৰে বনৰৌটো গুৱাহাটীলৈ সৰবৰাহ কৰা অৱস্থাতে গুৱাহাটী শুল্ক বিভাগে গোপন সূত্ৰৰ পম খেদি বকোৰ ৰাজাপাৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুষ্প্ৰাপ্য বনৰৌটো উদ্ধাৰ কৰা লগতে এই ব্যৱসায়ীৰ লগত জৰিত দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য, দুষ্প্ৰাপ্য বনৰৌৰ আন্তৰ্জাতিক বজাৰ গঢ়ি উঠিছে আৰু কোটি টকাৰ ব্যৱসায়ে ঠন ধৰি উঠিছে বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ।

Exit mobile version