লোকসভা আগন্তুক নিৰ্ব্বাচনত বাৰানসী সমষ্টিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰত্যাহবান জনাব কাশ্মীৰৰ ছাজাদ নুৰাবাদী নামৰ ৩০ বছৰ বয়সীয়া মানৱাধিকাৰ কৰ্মী তথা ৰাজনৈতিক কৰ্মী আৰু কাশ্মীৰৰ কুলগামৰ বাসিন্দা এই যুৱকজনে মোদীক বাৰানসীত প্ৰত্যাহবান জনোৱাৰ সিদ্ধান্ত লৈছে । উল্লেখ্য যে ছাজাদে অনন্তনাগত অনুষ্ঠিত হোৱা উপ-নিৰ্ব্বাচনত তদানীন্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিৰ বিৰুদ্ধে মনোনয়ন দাখিল কৰিছিল । এইবাৰ ছাজাদে মোদীৰ বিৰুদ্ধে থিয় দিয়াৰ সিদ্ধান্ত ল’লে। ‘ মোদীৰ বিৰুদ্ধে যুঁজ দি মই এই বাৰ্তা প্ৰেৰণ কৰিব বিছাৰো যে তেওঁ কাশ্মিৰী আৰু মুছলমানসকলৰ জীৱন কি দৰে ভাৰতত দুৰ্বিসহ কৰি তোলিছে ‘। সম্প্ৰতি ছাজাদে বিভিন্ন ৰাজনৈতিক দলৰ সৈতে যোগাযোগ কৰি বাৰানসীৰ পৰা তেওঁক লোকসভা নিৰ্ব্বাচনত টিকট প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে । ছাজাদে কয় যে ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলৰ সৈতে এই সৰ্ন্দভত যোগাযোগ অব্যাহত ৰাখিছে যদিও দলীয় প্ৰাৰ্থীত্ব লাভৰ পৰা বঞ্চিত হ’লে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মোদীৰ বিৰুদ্ধে থিয় দিব।
বাৰানসীত মোদীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব কাশ্মিৰী মানৱাধিকাৰ কৰ্মীয়ে
-
By publisher
ADVERTISEMENT
- Categories: News, Politics
- Tags: Loksabha ElectionNarendra Modi
Related Content
মোডীৰ সতৰ্কবাণীৰ পাছতে জম্মুৰ চাম্বা ছেক্টৰত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!
By
publisher
May 12, 2025
'দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য
By
publisher
May 12, 2025
তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!
By
publisher
May 12, 2025
Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত
By
publisher
May 12, 2025
Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ
By
publisher
May 12, 2025