ছহিদৰ প্ৰতি শ্ৰদ্ধা নিবেদনাৰ্থে হোলী নেখেলে চি আৰ পি এফৰ জোৱানে

কাশ্মীৰৰ পুলৱামাত যোৱা মাহত পাকিস্তানী সন্ত্ৰাসবাদীৰ আক্ৰমণত ছহিদবৰণ কৰা চি আৰ পি এফৰ জোৱানৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ উদ্দেশ্যৰে হোলী উৎসৱ পালন নকৰাৰ সিদ্ধান্ত ললে অৰ্ধ সামৰিক বাহিনীটোৱে। চি আৰ পি এফৰ সূত্ৰই এই কথা প্ৰকাশ কৰি কয় যে এইবাৰ জোৱানসকলে হোলী পালন নকৰাৰ সিদ্ধান্ত লৈছে । ‘অহা 21 মাৰ্চত সীমান্তত নিয়োজিত জোৱানসকলে হোলী নেখেলে । পুলৱামা সন্ত্ৰাসবাদীৰ আক্ৰমণত ছহিদবৰণ কৰাসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে ।’ চি আৰ পি এফৰ সঞ্চালকপ্ৰধান আৰ আৰ ভাটনগৰে কালি এইদৰে ঘোষণা কৰে।

ADVERTISEMENT
Exit mobile version