নিৰ্ব্বাচনত প্ৰায়বোৰ ৰাজনৈতিক দলে ধৰ্ম আৰু জাত-পাতক প্ৰধান ইছ্যু হিচাপে ব্যৱহাৰ কৰি আহিছে । ৰাজনৈতিক দলৰ এনে আচৰণৰ ফলত সমাজৰ জ্বলন্ত সমস্যাবোৰ গৌণ হৈ পৰে। নিৰ্ব্বাচনত ৰাজনৈতিক দল আৰু নেতাই প্ৰচাৰৰ ক্ষেত্ৰত ধৰ্মীয় স্হান আৰু ধৰ্মীয় গুৰুক কৌশলপূৰ্ণভাৱে ব্যৱহাৰ কৰি আহিছে । কিন্তু লোকসভাৰ আগন্তুক নিৰ্ব্বাচনত এই ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰিলে নিৰ্ব্বাচনী আয়োগে। আজি আয়োগ জাৰি কৰা বিবৃতিত ৰাজনৈতিক দলসমূহক নিৰ্ব্বাচনী প্ৰচাৰত ধৰ্মীয় স্হানক ব্যৱহাৰৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে। নিৰ্ব্বাচনী প্ৰচাৰত ধৰ্মীয় স্হানক ব্যৱহাৰ কৰি ৰাজনৈতিক মঞ্চত পৰিণত নকৰিবলৈকো আয়োগ নিৰ্দেশ জাৰি কৰিছে । নিৰ্ব্বাচনত ৰাজনৈতিক দলে প্ৰচাৰৰ নামত জাতি হিংসা বা ধৰ্মীয় হিংসা সৃষ্টিৰ ইন্ধন যোগালে কঠোৰ ব্যৱস্হা লোৱা হ’ব বুলিও সকীয়াই দিয়ে।
ধৰ্মীয় স্হানক ৰাজনৈতিক মঞ্চত পৰিণত নকৰিব: ৰাজনৈতিক দলক নিৰ্দেশ নিৰ্ব্বাচন আয়োগৰ
-
By admin
- Categories: Loksabha Election, News
- Tags: Election Commission of IndiaLoksabha Election
Related Content
Pijush Hazarika:গুৱাহাটীত বান-খহনীয়া ব্যৱস্থাপনা প্ৰাধিকৰণৰ কামৰ পৰ্যালোচনা জলসম্পদ মন্ত্ৰী পীযুয হাজৰিকাৰ
By
publisher
January 18, 2025
Kho Kho : খো খো বিশ্বকাপ দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ফাইনেলত ভাৰতৰ মহিলা দল
By
publisher
January 18, 2025
Football:১০ জন খেলুৱৈয়ে খেলা কেৰালাৰ বিৰুদ্ধে গ’ল কৰাত ব্যৰ্থ নৰ্থ ইষ্ট ইউনাইটেড
By
publisher
January 18, 2025
২৫ বছৰীয়া হ’ল আঠঘৰীয়াৰ সাৰ্বজনীন শ্ৰীশ্ৰীবিষহৰি পূজা পৰ্ব
By
publisher
January 18, 2025
Asom Jatiyo Bidyalaya অসম জাতীয় বিদ্যালয়ত শিল্পী দিৱস উদযাপন
By
publisher
January 18, 2025