অহা ৩১ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱ-নিয়োজিত ‘চকীদাৰ’সকলৰ স’তে মত বিনিময় নকৰিব । উক্ত দিনা ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সমগ্ৰ দেশৰে চকীদাৰসকলক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। মোদীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে চলোৱা ‘মেঁ ভী চৌকিদাৰ ‘ আন্দোলনে বৃহৎ সফলতা লাভ কৰিছে বুলি দাবী কৰিছে বিজেপিয়ে । ইতিমধ্যে সমগ্ৰ দেশৰ বিজেপি নেতা -মন্ত্ৰীসকলে টুইটাৰত নিজৰ নামৰ আগত চকীদাৰ বুলি লিখিছে । এই আন্দোলনৰ সফল বুলি দাবী কৰি কেন্দ্ৰীয় মন্ত্ৰী তথা জেষ্ঠ বিজেপি নেতা ৰবিশংকৰ প্ৰসাদে কয় যে ‘ মেঁ ভী চৌকিদাৰ ‘ আন্দোলনে ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে । মোদীৰ এই আন্দোলনক লৈ টুইটাৰত 20 লক্ষই মন্তব্য কৰিছে আৰু ১৬৮০ কোটিয়ে অভিযানটো চাইছে । ফলস্বৰূপে ই জনতা আন্দোলনত পৰিণত হৈছে বুলি মন্ত্ৰীজনে দাবী কৰে। লক্ষ্যণীয় যে মোদীয়ে ‘মেঁ ভী চৌকিদাৰ ‘ আন্দোলন আৰম্ভ কৰাৰ লগে লগে বিৰোধী দ’ল সমূহো আক্ৰমণাত্মক হৈ উঠিছে । কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে পুনৰ চৌকিদাৰ চৌৰ হ্যায় বুলি মোদীক আক্ৰমণ কৰিছে ।
নৱ-নিয়োজিত ‘চকীদাৰ’সকলৰ স’তে ভাৱ -বিনিময় কৰিব মোদীয়ে
-
By publisher
- Categories: News
- Tags: BJPChowkidar Narendra ModiNarendra Modi
Related Content
Lurinjyoti Gogoi:বিনামূলীয়া ইউনিফৰ্ম বিতৰণৰ নামত ব্যাপক দুৰ্নীতি-অনিয়ম
By
publisher
January 20, 2025
Nagas continue to encroach on Assamese land:অসমৰ মাটিত নগাৰ বেদখল অব্যাহত
By
publisher
January 20, 2025
"মই বদনামী হৈ গ’লো !"- সঞ্জয় ৰয়
By
publisher
January 20, 2025
মই অভিযুক্ত সঞ্জয় ৰয়ক নিৰ্দোৰ্ষী সাব্যস্ত কৰিম - অধিবক্তা সেঁজুতি চক্ৰৱৰ্তী
By
publisher
January 20, 2025
Assam Aap:কেজৰিৱালক আক্ৰমণৰ গৰিহণা আপৰ
By
publisher
January 20, 2025
12 Pakistani YouTubers who praised India are missing:পাকিস্তানত হঠাতে সন্ধানহীন ভাৰতক প্রশংসা কৰা ১২ ইউটিউবাৰ !
By
publisher
January 20, 2025