ফাকুৱাত স্বাস্থ্যৰক্ষাৰ সতৰ্কতা

চাওঁতে চাওঁতে পালেহি ৰঙৰ উৎসৱ হোলী বা ফাকুৱা। ই এনে এক উৎসৱ, য’ত সৰু বৰ সকলোৱে সমানে আনন্দ উপভোগ কৰে। মানুহৰ মন ফাকুৱা ৰঙৰ দৰে ৰঙীন হৈ উঠে। কিন্তু এই ফাকুৱা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কিছু সতৰ্কতা অৱলম্বন কৰা উচিত ।

☆ প্ৰাকৃতিক বা হাৰ্বেল ৰঙৰ উপৰি কেৱল প্ৰতিষ্ঠিত কোম্পানীৰ ফাকুহে ব্যৱহাৰ কৰিব ।
☆ হোলী খেলাৰ আগতে চুলিত তেল লগাই ল’ব। পাৰিলে টুপী পিন্ধি ল’ব।
☆ শৰীৰটো যিমান পাৰি ঢ়াকি পোছাক পিন্ধিব।
☆ শৰীৰত ভেছলিন, তেল বা আন ক্ৰীম সানি ল’ব।
☆ সচৰাচৰ ৰঙা আৰু হালধীয়া ৰঙহে ব্যৱহাৰ কৰিব , কিয়নো এই ৰং সোনকালে এৰাই যায় ।
☆ ৰং লগোৱাৰ পাছত ছাল খজুৱালে বা পোৰণি ধৰিলে ততালিকে ৰঙবোৰ ধুই পেলাব।
☆ নখৰ সুৰক্ষাৰ কাৰণে নেইল পলি’ছ লগাব।
☆ অত্যাধিক খজুৱালে ৰ’দত নাথাকিব ।
☆ হোলী খেলাৰ পাছত শৰীৰ আৰু চুলিৰ পৰা ৰং ভালদৰে আঁতৰাবলৈ নাপাহৰিব ।
☆ শৰীৰত বেছিকৈ চাবোন ঘঁহি ৰং এৰুৱাবলৈ যত্ন নকৰিব । ৰং এৰুৱাবলৈ ক্লীনজাৰ , কল্ড ক্ৰীম বা মইশ্বৰাইজাৰ ব্যৱহাৰ কৰিব ।
☆ অধিক সমস্যা হ’লে ততালিকে চিকিৎসকৰ কাষ চাপিব ।

Exit mobile version