সাত বছৰত ৩.২ কোটি কৃষি শ্ৰমিকে হেৰুৱালে কাম

images 8

এন এছ এছ অ’ৰ তথ্যত কৃষি খণ্ডৰ শোচনীয় অৱস্থা পোহৰলৈ

দেশৰ কৃষি খণ্ডত অনিয়মীয়া শ্ৰমিকৰূপে নিয়োজিত তিনি কোটি দুই লাখ লোকে হেৰুৱালে কৰ্মসংস্থাপন । লোকসভা নিৰ্ব্বাচনৰ প্ৰাক্ ক্ষণত এই উদ্বেগজনক তথ্য প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় নমুনা জৰীপ কাৰ্যালয় ( এন এছ এছ অ’) ৰ প্ৰতিবেদনত । উক্ত প্ৰতিবেদনত কোৱা হৈছে যে ২০১১-১২ৰ পৰা ২০১৭-১৮বৃহৎ সংখ্যক অনিয়মীয়া শ্ৰমিকে কৰ্মসংস্থাপন হেৰুৱাব লগা হয় । পৰিণতিত কৃষি খণ্ডত অনিয়মীয়া শ্ৰমিকৰ সংখ্যা উক্ত সময়ছোৱাত ৪০ শতাংশ হ্ৰাস পায়। লক্ষ্যণীয় যে এন এছ এছ অ’ৰ উক্ত প্ৰতিবেদন প্ৰকাশৰ পৰা কেন্দ্ৰীয় চৰকাৰ বিৰত আছিল । এই বৃহৎ সংখ্যক শ্ৰমিকে কৃষি খণ্ডত কৰ্মসংস্থাপন হেৰুৱাৰ ফলত এক কোটি পাঁচ লাখ পৰিয়ালে কৰ্মহীন হ’ব লগা হৈছে । এই তিনি কোটি দুই লাখ অনিয়মীয়া শ্ৰমিকে কৃষিখণ্ডত কৰ্মসংস্থাপন হেৰুৱাৰ কাৰণ হৈছে অনা কৃষি কামত তেওঁলোকে আয়ৰ বাবে নিৰ্ভৰ কৰিবলৈ লোৱাটো । কেৱল কৃষিখণ্ডতে নহয়, অনা-কৃষিখণ্ডতো বহু শ্ৰমিকে সংস্থাপন হেৰুৱাব লগা হৈছে । ২০১১-১২ৰ পৰা ২০১৭-১৮ত কৃষি আৰু অনা-কৃষি কেন্দ্ৰত ৭.৩শতাংশ আৰু ৩.৩শতাংশ মহিলাই কৰ্মসংস্থাপন হেৰুৱায়।

Exit mobile version