কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাই কোনো ক্ষতি নকৰে: মুখ্যমন্ত্ৰী সোণোৱাল

sssssssssssss

অসমত  মিত্ৰ জোটে ১২ আসন পাব বুলি দাবী 

সমাগত লোকসভা নিৰ্বাচনৰ তৎপৰতাৰ অংশস্বৰূপে আজি দলীয় কাৰ্যসূচী লৈ বৰপেটাত উপস্থিত হয় ৰাজ্যৰ  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ দিনৰ ১২-১৫ বজাত গুৱাহাটীৰ পৰা হেলিকপ্টাৰযোগে স্থানীয় ছায়াৰাম ছোৱালী শিক্ষানুষ্ঠানৰ খেলপথাৰত অৱতৰণ কৰা মুখ্যমন্ত্ৰীগৰাকীয়ে স্থলপথেৰে পোনে পোনে বৰপেটা চহৰৰ জনীয়া  পথৰ বৰপেটা জিলা বিজেপিৰ কাৰ্যালয়ত উপস্থিত হয় ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ  দাস আৰু বৰক্ষেত্ৰী সমষ্টিৰৰ বিধায়ক নাৰায়ণ ডেকাৰ উপস্থিতিত দলীয় কাৰ্যকৰ্তাৰ সৈতে বৰপেটা জিলা বিজেপিৰ কাৰ্যালয়ত এক বৈঠকত অংশ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ বৰপেটা, বজালী, বঙাইগাঁও আৰু নলবাৰী জিলাৰ  সভাপতি, সম্পাদক, মণ্ডল সভাপতি, সম্পাদক, লোকসভা সমষ্টি সমন্বয়ক, সহঃ সমন্বয়ক আদিৰ  সৈতে অনুষ্ঠিত দুই ঘণ্টাজোৰা ৰুদ্ধদ্বাৰ বৈঠকত অংশ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে দলীয় কৰ্মী সকলক নিৰ্বাচনত সহযোগ কৰিবলৈ আহ্বান জনায় লগতে  বৈঠকত ৬ নং বৰপেটা লোকসভা সমষ্টিৰ অগপ প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰাৰ সংকল্প লয় বিজেপি কাৰ্যকৰ্তাসকলে ৷ ইপিনে বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাই  অগপ-বিজেপিৰ প্ৰাৰ্থীক কোনো ক্ষতি কৰিব নোৱাৰে  বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷ মুখ্যমন্ত্ৰীৰ মতে দুয়োটা দলৰ ভেঁটি  নাই অসমত ৷ তেওঁ কয় যে কংগ্ৰেছ দলে অসহায় হৈ এ আই ইউ ডি এফৰ শৰণাপন্ন হৈছে ৷ এসময়ত এ আই ইউ ডি এফৰ অৱস্থা আৰু স্থিতি সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰা কংগ্ৰেছ দলে বৰ্তমান বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন এআই ইউ ডি এফৰ  লগত মিত্ৰতা কৰিবলৈ ওলোৱাটো লজ্জাজনক বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মতপোষণ কৰে ৷ ভাৰতবৰ্ষৰ জনতাই দ্বিতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোডীক প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিব বুলি উল্লেখ কৰি অসমত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে  ন্যূনতম ১২ খন আসন লাভ কৰিব বুলি তেঁও দাবী কৰে ৷ইপিনে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিৎ কুমাৰ দাসে নিৰ্বাচনত কংগ্ৰেছ আৰু এআই ইউ ডি এফৰ বুজাবুজি হোৱা কথা ভূৱনেশ্বৰ কলিতাই প্ৰকাশ কৰাত তৰুণ গগৈ ৰ মিথ্যাচাৰ উদঙাই দিয়া বুলি উল্লেখ কৰে ৷বৰপেটাত  প্ৰায় আঢ়ৈ ঘন্টা কাল অতিবাহিত কৰাৰ পিছত বৰপেটাৰ পৰা হেলিকপ্তাৰ  যোগে বৰপেটা জিলাৰ সৰ্থেবাৰীৰ নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমলৈ বুলি ৰাওঁণা হয়৷

Exit mobile version