গোৱালপাৰা জিলাৰ আগিয়াৰ এক দম্পতীয়ে দাঙি ধৰা সততাৰ নিদৰ্শন সঁচাকৈয়ে প্ৰশংসনীয় ৷ আগিয়া ৰাজাপাৰা গাওঁ নিবাসী এন কে ছাংমা আৰু এছ পি মাৰাক এহাল সাধাৰণ দম্পতী ৷ তেওঁলোক স্থানীয় গীৰ্জাত ’ফামং’ (পুৰোহিত) হিচাপে কৰ্মৰত ৷ সাধাৰণ হৈও অসাধাৰণ মানসিকতাৰ গৰাকী এই দম্পতী হালৰ অগাধ ধন-সম্পত্তি নাথাকিলেও হৃদয় ভৰি আছে সততা ৷ এই সততাৰ বলতে তেওঁলোক আজি আদৰ্শ হোৱাৰ যোগ্যতা অৰ্জন কৰিছে ৷ সাধুকথা সদৃশ এই ঘটনাৰ সূত্ৰপাত ঘটিছিল আজিৰ পৰা দহ বছৰ পূৰ্বে ৷ তেতিয়া ৰাজাপাৰাৰ এছ,পি,মাৰাক এগৰাকী যুৱতী ৷ এছ,পিৰ এজন ভ্ৰাতৃ আছিল ৷ নাম আছিল ফায়াৰিং ছাংমা ৷ পেশাত এজন ক্ষুদ্ৰ ব্যৱসায়ী ফায়াৰিঙে বিগত ২০০৯ বৰ্ষত কৃষ্ণাইৰ এজন ব্যৱসায়ীৰ পৰা তামোল,গুলমৰিচ আদি সামগ্ৰী যোগান ধৰাৰ বাবদ আগধন হিচাপে নগদ ৮৩ হেজাৰ টকা লৈছিল ৷ ইয়াৰ পিছতে ফায়াৰিঙ সাংমা অন্তৰ্ধান হৈ পৰে ৷ তেওঁ ক’লৈ গ’ল সেই বিষয়ে আজিও অজ্ঞ হৈ ৰ’ল এছ,পি,মাৰাক তথা সমগ্ৰ ৰাজাপাৰা গাওঁবাসী ৷ ইফালে ফায়াৰিঙৰ পৰা সামগ্ৰী নাপাই কৃষ্ণাইৰ ব্যৱসায়ী জনে এদিন গৈ উপস্থিত হ’ল এছ,পিৰ গৃহত ৷ তেওঁ লাজত ম্ৰিয়মান হৈ ব্যৱসায়ীজনৰ ওচৰত ভায়েকৰ হৈ ক্ষমা বিচৰাৰ লগতে ব্যৱসায়ীজনৰ নাম তথা ঠিকনা সংগ্ৰহ কৰি ৰাখে ৷ ইয়াৰ পিছত সুদীৰ্ঘ দহ বছৰৰ নীৰৱতা ৷ ইতিমধ্যে এছ,পি,মাৰাকে সংসাৰ জীৱন আৰম্ভ কৰে ৷ কৃষ্ণাইৰ ব্যৱসায়ী জনেও সেই টকাৰ আশা ত্যাগ কৰি ব্যস্ত হৈ পৰে নিজ ব্যৱসায়ত ৷ পিছে,সুদীৰ্ঘ দহ বছৰৰ অন্তত যোৱা ২০ মাৰ্চত সেই ঘটনাই অন্য এক নতুন ৰূপ ধাৰণ কৰে ৷ ভায়েকৰ কৰ্মত অনুতপ্ত এছ,পি,মাৰাকে স্বামীক লগত লৈ চলিত মাহৰ ২০ তাৰিখে কৃষ্ণাইত আহি উপস্থিত হয় আৰু বিচাৰ খোচাৰ কৰি লগ ধৰে ভায়েকে টকা লৈ যোৱা ব্যৱসায়ীজনক ৷ অতি সহজ সৰল মহিলা গৰাকীয়ে ভায়েকৰ কৃতকৰ্মৰ বাবে কৃষ্ণাইৰ ব্যৱসায়ী জনৰ ওচৰত বাৰে বাৰে ক্ষমা খুজি ব্যৱসায়ী জনৰ হাতত তুলি দিয়ে নগদ দহ হেজাৰ টকা ৷ আৰু প্ৰতিশ্ৰুতি দিয়ে প্ৰতি বছৰে পাঁচ,দহ হেজাৰকৈ দি হ’লেও তেওঁলোকে ওভতাই দিব ভায়েকে প্ৰবঞ্চনাৰে ব্যৱসায়ীজনৰ পৰা লৈ যোৱা সমস্ত ধন ৷ দম্পতীহালৰ এই অতুলনীয় কাৰ্যত নিৰ্বাক নিস্তব্ধ পৰে কৃষ্ণাইৰ ব্যৱসায়ীজন ৷ কৃতজ্ঞতাত তেৱঁৰ দুচকু সেমেকি উঠে ৷ প্ৰবঞ্চনা আৰু স্বাৰ্থপৰতাই গ্ৰাস কৰিবলৈ লোৱা আমাৰ সমাজ খনত এতিয়াও যে সততা আৰু মানৱতা বৰ্তি আছে এছ,পি,মাৰাক আৰু এন,কে,সাংমা তাৰেই উজ্জ্বল নিদৰ্শন ৷
সততাৰ উজ্জ্বল নিদৰ্শনঃভায়েকে প্ৰবঞ্চনাৰে লুটি নিয়া ধন ওভতাই দিলে দম্পতীয়ে
-
By admin
- Categories: News
Related Content
Tragic accident in the Arabian Sea off the coast of Mumbai:মুম্বাই উপকূলত আৰৱ সাগৰত শোকাৱহ দুর্ঘটনা
By
publisher
December 19, 2024
Jua Protest:কৰ্তব্যৰত সাংবাদিকক কন্দুৱা গেছ প্ৰয়োগ কৰা কাৰ্যক গৰিহণা জুৱাৰ
By
publisher
December 19, 2024
Jorhat Press Club protests:কলা বেজ পৰিধান কৰি যোৰহাট প্ৰেছ ক্লাবৰ প্ৰতিবাদ
By
publisher
December 19, 2024
Two-story bridge will be constructed at Saraighat: শৰাইঘাটত আৰু এখন দুখলপীয়া দলং
By
publisher
December 19, 2024