হাফলঙত দুই শ্ৰমিকৰ কৰুণ মৃত্যু

এক হৃদয় বিদাৰক দুৰ্ঘটনাত  দুই শ্ৰমিকৰ জীৱন্ত সমাধি  ডিমাহাচাও জিলাৰ হাফলঙত

ডিমাহাচাও জিলাৰ হাফলঙত ১৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কাৰ্য চলি থকা ডিমাহাচাও জিলা ক্ৰীড়া সংস্হাৰ খেল পথাৰৰ ষ্টেডিয়াম আৰু বিল্ডিঙৰ।নিৰ্মাণ কাৰ্যত নিয়োজিত দূজন ৰাজমিস্ত্ৰিয়ে আজি দুপৰীয়া প্ৰায় ২.১৫বজাত ষ্টেডিয়ামৰ বিল্ডিঙৰ নিৰ্মাণ কাৰ্যৰ বাবে খন্দা এটা প্ৰকাণ্ড গাঁতৰ ভিতৰত সোমাই কাম পৰ্যবেক্ষণ কৰি আছিল।কিন্তু তেনে সময়তে গাঁতটোৰ পাৰত দ’ম কৰি পেলাই থোৱা মাটি আৰু চিমেন্টৰ বস্তা সমূহ তেওঁ লোকৰ গাৰ ওপৰত বাগৰি পৰে।ফলত দুয়োজন শ্ৰমিকৰেই জীৱন্তে সমাধি ঘটে।কৰুণ মৃত্যুক সাৱটি ল’ব লগীয়া হোৱা ৰাজমিস্ত্ৰি দুজনৰ নাম হ’ল মনোহৰ হুছেইন আৰু শ্বাাহ আলম শ্বেইখ।তেওঁ লোক দুয়োৰে ঘৰ ধূবুৰীত। কৰ্মৰত শ্ৰমিক দূজনৰ জীৱন্তে সমাধি ঘটাত আন শ্ৰমিক সকলেও হুৱাদুৱা লগায়।পিছত।এক্সকাভেটৰৰ সহায়ত গাঁত খান্দি শ্ৰমিক দুজনৰ মৃতদেহ দুটা উদ্ধাৰ কৰা হয়। এজন শ্ৰমিকৰ মৃতদেহ ডিঙি চিঙা অৱস্হাত উদ্ধাৰ হয়।পিছত উদ্ধাৰ কৰা মৃতদেহ দুটা হাফলং অসামৰিক চিকিৎসালয়লৈ নি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়।এই ঘটণাই শোকৰ ছাঁ পেলাইছে।স্মৰ্তব্য যে, ষ্টেডিয়াম খনৰ নিৰ্মাণ কাৰ্যৰ দায়িত্বত আছিল গুৱাহাটীৰ আৰ্শীবাদ এন্টাৰপ্ৰাইজ নামৰ এটা নিৰ্মাণ প্ৰতিষ্ঠান।
ADVERTISEMENT
Exit mobile version