কষ্টোপাৰ্জিত ধনেৰে ফুল-ফলৰ নাৰ্ছাৰী আৰম্ভ কৰি স্বাৱলম্বীতাৰ পথ দেখুৱাইছে এজন যুৱকে

eeeeeeeeeeeeeeeee

চৰকাৰী আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম নহ’ল ঠেলামৰা খলহুবাৰী গাঁৱৰ আজগৰ আলি

আৰ্থিক সমস্যাজর্জৰ বহু যুৱক-যুৱতী, পুৰুষ-মহিলাই বহিঃৰাজ্যৰ কোম্পানীত চাকৰি কৰি বা সৰু সুৰা কামৰ জৰিয়তে নিজে স্বাবলম্বী হোৱাৰ উপৰি নিজ ঘৰখন আৰ্থিক ভাৱে টনকিয়াল কৰি তোলাৰ চেষ্টা চলোৱা প্ৰায়ে দেখিবলৈ পোৱা যায় ৷ সমান্তৰালভাৱে বহিঃৰাজ্যত কৰ্মসংস্থাপন বিচাৰি গৈ আন একাংশ যুৱক-যুৱতী, পুৰুষ-মহিলা বিপথে পৰিচালিত হোৱাৰ বহু উদাহৰণো আছে।কষ্টোপাৰ্জিত ধনৰে আৰ্থিক ভাৱে টনকিয়াল হৈ পাছলৈ  ব্যৱসায়-বাণিজ্য আৰম্ভ কৰি স্বাবলম্বীতাৰ পথ বাছি লোৱাৰ বহু উদাহৰণ আছে । শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি সমষ্টিৰ ঠেলামৰা ৰাজহচক্ৰৰ নাহৰবাৰী পঞ্চায়তৰ খলহুবাৰী গাঁৱৰ এনে এজন যুৱক হৈছে আজগৰ আলি। নাৰ্ছাৰী প্ৰতিষ্ঠা কৰি তেওঁ স্বাৱলম্বী হৈছে। গাওঁখনৰ বাসিন্দা জামাল উদ্দিনৰ জেষ্ঠ পুত্ৰ আজগৰ আলিয়ে  আৰ্থিক সংকটৰ বাবে পৰি  শিক্ষা লাভ কৰিবলৈ সক্ষম নহ’ল ।উপায়হীন হৈ তেওঁ কেৰালালৈ যায় আৰু সুদীৰ্ঘ সাত বছৰ পৰিশ্ৰম কৰি প্ৰায় আঢ়ৈ লাখ টকা উপাৰ্জন কৰে আৰু ঘৰলৈ উভতি আহি কষ্টোপাৰ্জিত ধনেৰে দুই কঠা ভূমি ক্ৰয় কৰি বিভিন্ন ফুল-ফলৰ নাৰ্ছাৰী আৰম্ভ কৰে ৷ বিগত তিনি বছৰ ধৰি নাৰ্ছাৰীৰ পুলি বিক্ৰী কৰি আজগৰ আলিয়ে পৰিয়াল পোহপাল দিয়াৰ উপৰি লাভাংশৰে নাৰ্ছাৰীত দেশী-বিদেশী বিভিন্ন জাতৰ ফুল-ফলৰ গুটি পচাই পুলি গঁজাই ব্যৱসায়ৰ পৰিধি বৃদ্ধি কৰি আহিছে বুলি কয় ৷ ফুল-ফলৰ পুলি বিক্ৰী কৰিয়েই আজগৰ আলিয়ে বজাৰত পুলি বিক্ৰীৰ সুবিধাৰ্থে এখন অট’ভান ক্ৰয় কৰিবলৈ সক্ষম হৈছে ৷ বাট-পথৰ বিশেষ সুবিধা নথকা গ্ৰামাঞ্চলৰ বাসিন্দা আলিয়ে উক্ত ব্যৱসায় কৰিয়েই এটা ল’ৰা আৰু দুই কন্যাক সু-শিক্ষিত কৰিছে ৷ আলিৰ আফছানা নাৰ্ছাৰীত ডালিয়া, এলিমুণ্ডা, চাইনিজ পাম, খৃষ্টমাছ থ্ৰী, ব্লুজাউ, চাইকাছ, পাইন, গোলাপ, মিনি গোলাপ, নেপালী গোলাপ, অষ্ট্ৰেলিয়ান জবাব, ইফৰ, হাই ব্ৰীড বিছন মিনিয়া, বাগান ভেলি, কেকনট, অশোক, ডাইঠাঞ্চ, এলিগেলী, কুন্নী, লণ্ডন পাইন, চাইনিজ পাম, মোমাই তামোল আদিৰ উপৰি দেশী-বিদেশী বিভিন্ন জাতৰ ফুল আনহাতে তামোল, লেচু, আম, নেমু, মৌচুমী, কমলা, বগৰী, মধুৰি আম, চিকু, ৰবাবটেঙা, নেমু, গুলনেমু, চাইনিজ নিমু, লং, জাইফল, প্লাম, আপেল, আঙুৰ, নাচপতি, ডালিম আদি বিভিন্ন জাতৰ ফলৰ পুলি ভৰি আছে ৷ যি সময়ত বহু যুৱক-যুৱতীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰি চৰকাৰী চাকৰিৰ পিছত দৌৰিছে তেনে সময়ত অশিক্ষিত হৈয়ো ছয়ত্ৰিশ বছৰীয়া আলিয়ে  আৰ্থিক ভাৱে কেৱল স্বাবলম্বী হোৱাই নহয় উঠি অহা প্ৰজন্মক উপাৰ্জনৰ পথৰ সন্ধান দিওঁতাৰ উদাহৰণ হৈ পৰিছে ৷ পৰিতাপৰ বিষয় যুৱকজন তিনিবছৰ ধৰি নাৰ্ছাৰীৰ কামত জড়িত হৈ আছে যদিও আজিলৈকে চৰকাৰী কোনোধৰণৰ এটা ফুটাকড়ি নাপালে বুলি জানিবলৈ দিছে ৷

Exit mobile version