মৰণ ফান্দত পৰিণত হৈছে ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাগাওঁ অঞ্চল। ৰাষ্ট্ৰীয় ঘাইপথৰ এই অংশত পথ দুৰ্ঘটনা এক নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে । প্ৰায় প্ৰত্যেকদিনেই ধাৰাবাহিক ভাৱে এটাৰ পিছত এটা দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়তেই আজি আবেলি পুণৰ এক পথ দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়। নিহত লোকজনক ৰঙিয়া মলোখাতৰ চান্দ মহম্মদ আলী (৬৮) বুলি চিনাক্ত কৰা হৈছে । স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি আজি আবেলি গুৱাহাটীৰ পৰা নলবাৰী অভিমুখে তীব্ৰ বেগেৰে গৈ থকা চুইফট ডিজায়াৰ গাড়ী (নংএএছ০১ডি ইউ ৪৭৭৭)এখনে ৰাষ্ট্ৰীয় ঘাইপথৰ বালাগাঁওত মটৰ চাইকেল আৰোহী চান্দ মহম্মদ আলীক তীব্ৰ বেগত খুন্দা মাৰে । আলীয়ে বালাগাঁওৰ শ্বহুৰৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ মটৰ চাইকেললৈ (নং এ এছ ০১ এ ডব্লিউ ৭৬৬৮)যোৱাৰ সময়তে ঘাইপথ অতিক্ৰম কৰিবলৈ লওঁতেই চাৰিচকীয়া বাহনখনে খুন্দামৰাত আলীয়ে পথৰ দাঁতিত ছিটিকি পৰে।তেওঁ মূৰত গুৰুতৰ আঘাত পোৱাত দুৰ্ঘটনাস্থলীতে শেষ নিঃশ্বাস ত্যাগ কৰে । অঞ্চলটোৰ সকলোৰে পৰিচিত লোকজনৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰকে অগনণ ৰাইজে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। ফলত মূহুৰ্তৰ ভিতৰতে অঞ্চলটোত তীব্ৰ উত্তেজনা বিয়পি পৰে ।উত্তেজিত ৰাইজে ৰঙিয়া আৰক্ষীৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰদৰ্শণ কৰে । ৰাইজৰ অভিযোগ অনুসৰি দুৰ্ঘটনা সংঘটিত হোৱা স্থানত বিপদজনক ভাবে এটা ৰোড ক্ৰছিং ৰাখি থোৱা আছে যদিও কৰ্তব্যৰত আৰক্ষী নথকাৰ বাবে এই ঠাইত প্ৰায়েই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাৰ ফলত এই ঠাইত অঞ্চলটোৰ বহু লোকৰ ইতিমধ্যে মৃত্যু হৈছে।দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী উপস্থিত হৈ প্ৰতিবাদী ৰাইজক শান্ত কৰে। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি ৰঙিয়া থানালৈ লৈ আনে । আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ঘাতক গাড়ীখনকো জব্দ কৰিবলৈ সক্ষম হয় । মৃতদেহটো ৰঙিয়া থানাৰ মৰ্গত ৰাখি থোৱা হৈছে ।কাইলৈ মৃতদেহটো মৰোনোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্ৰেৰন কৰা হব বুলি আৰক্ষীয়ে জানিবলৈ দিছে। জানিব পৰা মতে প্ৰয়াত আলীয়ে এগৰাকী কন্যাক এৰি থৈ যায়।
ৰঙিয়াত পথ দুৰ্ঘটনা নিহত এজন লোক
-
By publisher
ADVERTISEMENT
- Categories: News
- Tags: AssamRoad Accident
Related Content
নগদ ১৭ কোটি টকা, পাঁচ কোটি সোণ সহ জাম্বিয়া বিমানবন্দৰত গ্ৰেপ্তাৰ ভাৰতীয়!
By
publisher
April 20, 2025
প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনত বিধ্বস্ত জম্মু-কাশ্মীৰ,
By
publisher
April 20, 2025
'জাট' ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে
By
publisher
April 20, 2025
বৃদ্ধি পাইছে উগ্ৰপন্থীৰ সংখ্যা
By
publisher
April 20, 2025
'মই এনেকুৱা এটা মৃত্যু বিচাৰো যিয়ে বিশ্বক জোকাৰি যাব'
By
publisher
April 20, 2025
পঞ্চায়ত নিৰ্বাচন উপলক্ষে ধেমাজিত মন্ত্ৰী পীযুষ হাজৰীকাৰ নিৰ্বাচনী প্ৰচাৰ
By
publisher
April 19, 2025