ধুবুৰীত মনোনয়নপত্ৰ দাখিল আজমলৰ

 ‘ হু ইজ তৰুণ গগৈ বুলি ক’ব পাৰো কিন্তু নকওঁ ।

‘হু ইজ তৰুণ গগৈ বুলি মই ক’ব পাৰো; কিন্তু নকওঁ । সমাগত লোকসভা নিৰ্ব্বাচনৰ বাবে কংগ্ৰেছৰে এ আই ইউ ডি এফৰ মিত্ৰতা হোৱা বুলি ব্যাপক চৰ্চা চলি থকা সময়তো আজি দলৰ মুৰব্বী বদৰুদ্দিন আজমলে এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। আজি দুপৰীয়া আজমলে ধুবুৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে। সমষ্টিটোৰ প্ৰথমজন প্ৰাৰ্থীৰূপে উপায়ুক্ত অনন্তলাল জ্ঞানীৰ হাতত মনোনয়নপত্ৰ দাখিলৰ পাছত এ আই ইউ ডি এফ মুৰব্বীজনে অৱশ্যে তেওঁৰ দলৰ স’তে কংগ্ৰেছৰ কোনো ধৰণৰ বুজাপৰা নাই বুলি মন্তব্য কৰে। লক্ষ্যণীয়ভাৱে সাংসদ গৌৰৱ গগৈক আজি ‘ভাগিন’ বুলি উল্লেখ কৰে আজমলে । আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মিছা প্ৰতিশ্ৰুতি ৰাইজৰ সন্মুখত উদঙাই দিয়াটো এ আই ইউ ডি এফে নিৰ্ব্বাচনী ইছ্যুৰূপে লোৱা বুলি দলৰ মুৰব্বজনে মন্তব্য কৰে। তেওঁ কয়, ‘ বিগত পাঁচ বছৰে মোদীয়ে কেৱল প্ৰতিশ্ৰুতি দিয়াৰ বাহিৰে একোৱেই কৰা নাই। আমি মিথ্যাচাৰ উদঙাই দিম।’ অৱশ্যে তেওঁ মহাগোটবন্ধন কেতিয়াও সফল নহ’ব বুলি দাবী কৰে । এইবাৰ তিনি লাখ ভোটৰ ব্যৱধানত জয়ী হ’বলৈ সক্ষম হম বুলি দাবী কৰি লগতে আজমলে কয়,’ কংগ্ৰেছ আৰু বিজেপিয়ে অসমত অবৈধ বাংলাদেশীক আশ্ৰয় দিয়া চেষ্টা আব্যাহত ৰাখিছে । দল দুটাৰ এই চেষ্টা সফল হ’বলৈ দিয়া নহ’ব। ধুবুৰী সমষ্টিত ফুলবাৰী দলং, ৰূপসীৰ বিমানকোঠ আৰু ধুবুৰী চিকিৎসা মহাবিদ্যালয় স্হাপন তেওঁৰ বাবেই সম্ভৱ হোৱা বুলিও দাবী কৰে। আজমলে মনোনয়ন পত্ৰ দাখিল কৰা সময়ত দলৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিধায়ক হাফিজ কাছিমী, গৌৰীপুৰৰ বিধায়ক নিজানুৰ ৰহমান আৰু ধুবুৰীৰ বিধায়ক নজৰুল হক উপস্থিত থাকে ।

Exit mobile version