প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ বাবে দায়িত্ব দিব বিচৰা বুলি ফেচবুকত পোষ্ট লিখি ৰাজস্হানৰ জয়পুৰত গ্ৰেপ্তাৰ হ’ল এজন লোক। হাৰিয়ানাৰ ৰেৱাৰীত বাস কৰা নবীন কুমাৰ যাদৱ নামৰ লোকজনে ফেচবুকত কয় যে প্ৰধানমন্ত্ৰীক হত্যাৰ তেওঁৰ এক নিখুঁত আঁচনি আছে । মোদীক হত্যাৰ বাবে তেওঁ এজন ব্যক্তিক নিয়োগ কৰিব বিচাৰে বুলিও ফেচবুকত উল্লেখ কৰে। ইয়াৰ পাছতে আজি জয়পুৰ আৰক্ষীয়ে যাদৱক ৰাষ্ট্ৰদ্ৰোহৰ ধাৰাত গ্ৰেপ্তাৰ কৰে। 31 বছৰীয়া এই লোকজনৰ গ্ৰেপ্তাৰ সম্পৰ্কত জয়পুৰ আৰক্ষী ডি চি পি ৰাহুল জৈনে কয়, ‘ ছ’চিয়েল মিডিয়াত আপত্তিজনক মন্তব্য কৰা বুলি এই লোকজনক লৈ আমি আৰক্ষী নিয়ন্ত্ৰণ কক্ষত অভিযোগ পালো। চাইবাৰ চেলৰ সহায়ত তেওঁৰ সন্ধান উলিয়াই গ্ৰেপ্তাৰ কৰা হ’ল।’
ফেচবুকত মোদীক হত্যাৰ পোষ্ট দি জয়পুৰত গ্ৰেপ্তাৰ এজন
-
By publisher

- Categories: News
- Tags: Chowkidar Narendra ModiLoksabha ElectionNarendra Modi
Related Content
Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
By
publisher
March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
By
publisher
March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
By
publisher
March 9, 2026
Rajyasabha Election Result:ঘোষণা হ'ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
By
publisher
March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
By
publisher
March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
By
publisher
March 9, 2026