প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা বিজেপিয়ে ‘মেঁ ভী চৌকিদাৰ ‘ অভিযান আৰম্ভ কৰা পাছত ৰেলৰ টিকটসমূহত প্ৰধানমন্ত্ৰী মোদীৰ ফটোসহ ‘ মেঁ ভী চৌকিদাৰ’ লিখা হৈছিল । ইয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত ৰেল বিভাগে বাধ্যত পৰি টিকটৰ পৰা মোদীৰ ফটো আঁতৰায়। কিন্তু শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি এখন শতাব্দী ৰেলত ‘ মেঁ ভী চৌকিদাৰ ‘ লিখা কাপত যাত্ৰীক চাহৰ যোগান ধৰা হয় । এনে এটা কাপৰ ফটো তুলি কোনো লোকে ছ’চিয়েল মিডিয়াত আপলোড কৰিছে । ইয়াৰ লগে লগে ৰেল বিভাগত জোকাৰণিৰ সৃষ্টি হৈছে । এনে কাপ যোগান ধৰা ঠিকাদাৰজনৰ বিৰুদ্ধে ব্যৱস্হা লোৱা হৈছে বুলি ৰেল বিভাগে প্ৰকাশ কৰিছে । ৰেলৱেই প্ৰকাশ কৰা অনুসৰি ঠিকাদাৰজনক এক লাখ টকাৰ জৰিমণা বিহা হৈছে আৰু তেওঁ যোগান ধৰা কাপ আঁতৰাই পেলোৱা হৈছে । আনহাতে, টুইটাৰত একাংশই টুইট কৰা অনুসৰি ‘ মেঁ ভী চৌকিদাৰ লিখা কাপ কাঠগ’ড়াম শতাব্দী এক্সপ্ৰেছত যাত্ৰীক যোগান ধৰা হৈছিল । এই সম্পৰ্কত ৰেল মন্ত্ৰণালয়ে কয়, ‘ আজি ঘটনাটো ঘটে আৰু তাৎক্ষণিকভাৱে কাপবোৰ আঁতৰাই পেলোৱা হয়। ঠিকাদাৰজনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্হা গ্ৰহণ কৰা হৈছে । পৰিদৰ্শকৰ বিৰুদ্ধেও ব্যৱস্হা লোৱা হ’ব।’
শতাব্দী ৰেলত ‘মেঁ ভী চৌকিদাৰ’ লিখা কাপ
-
By publisher

- Categories: News
- Tags: BJPChowkidar Narendra Modi
Related Content
Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
By
publisher
March 11, 2026
Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক
By
publisher
March 11, 2026
পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ
By
publisher
March 11, 2026
Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ
By
publisher
March 11, 2026
Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !
By
publisher
March 11, 2026