39 লাখ টকা মূল্যৰ 1.298 গ্ৰাম চোৰাং সোণ জব্দ :ট্ৰলী বেগৰ চকা প্ৰস্তুত কৰি সৰবৰাহ

IMG 20190329 WA0000

 

ট্ৰলীবেগত সোণৰ চকা লগাই চোৰাংভাৱে সৰবৰাহ কৰিবলৈ চেষ্টা চলাওঁতে জব্দ কৰে ৰেল আৰক্ষী ( জি আৰ পি )য়ে । চোৰাং সৰবৰাহ এই অভিনৱ কৌশলত সতচকিত হৈ পৰিছে আৰক্ষী । জব্দ কৰা সোণৰ চকাৰ it পৰিমাণ 1.298 গ্ৰাম বুলি আৰক্ষীয়ে সদৰী কৰে। আৰক্ষীয়ে জনোৱা মতে, গুৱাহাটী ষ্টেছনৰ এক নম্বৰ প্লেট ফৰ্মত জব্দ কৰা চোৰাং সোণৰ আনুমানিক বজাৰ মূল্য হ’ব প্ৰায় 39 লাখ টকা । এক শীৰ্ষ সূত্ৰই এই কথা অৱগত কৰে। সূতটোৱে জনোৱা মতে, কালি পুৱা প্ৰায় সাত বজাত নামনিমুৱা ৰাজধানী এক্সপ্ৰেছখন গুৱাহাটীত ষ্টেছনত প্ৰৱেশ কৰাৰ সময়তে অভিযানকাৰী দলে নিয়মীয়া তালাচী আৰম্ভ কৰে। জি আৰ পিৰ তালাচীৰ সময়তে ষ্টেছনত এক নম্বৰ প্লেট ফৰ্মত এটা গৰাকীবিহীন এটা ট্ৰলীবেগ প্ৰত্যক্ষ কৰে দলটোৱে। মেৰুণ ৰঙৰ ট্ৰলীবেগটোৰ গৰাকীৰ কোনো সন্ধান নাপালে জি আৰ পি য়ে। অৱশেষত জি আৰ পি থানালৈ লৈ যোৱা হয় । আনহাতে, বেগটোৰ চকাকেইটাক লৈ সন্দেহ ওপজে অভিযানকাৰী দলটোৰ। ভালকৈ নিৰীক্ষণ কৰাত ট্ৰলীবেগটোৰ তিনিটা চকা সোণৰ বুলি আৰক্ষী নিশ্চিত হয় ।

Exit mobile version