নিৰ্ব্বাচনী প্ৰচাৰৰ বাবে ৰাজ্যিক বিজেপিৰ গীত মুকলি

IMG 20190329 WA0034

 

ADVERTISEMENT

নিৰ্ব্বাচন প্ৰচাৰৰ বাবে ৰাজ্যিক বিজেপিয়ে দুটা নিৰ্ব্বাচন কেন্দ্ৰিক গীত মুকলি কৰে। দলৰ মিডিয়া পেনেলিষ্ট পবিত্ৰ মাৰ্ঘেৰিটা, অভিনেতা তথা অসম চলচিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ যতীন বৰা, অভিনেত্ৰী আইমী বৰুৱা, অভিনেতা ভগবৎ প্ৰীতম, গায়ক চাজন নায়ক, গায়িকা প্ৰণামী ভাগৱতী আদিয়ে যৌথভাৱে গীত দুটি মুকলি কৰে । দীক্ষু, সীমান্ত শেখৰ , কল্পনা পাটোৱাৰী, ববিতা শৰ্মা, আদিকে ধৰি কে’বাগৰাকী শিল্পীয়ে ‘আকৌ এইবাৰ মোদী চৰকাৰ ‘ আৰু ‘আমিয়েই চকীদাৰ ‘ শীৰ্ষক গীত দুটিত কণ্ঠদান কৰিছে । এই উপলক্ষে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আয়োজিত অনুষ্ঠানটোত পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে তৃণমূল পৰ্যায়ৰ জনগণৰ স’তে সাংস্কৃতিকভাৱেও সংযোগ স্হাপন কৰাটো বিজেপিৰ এক পৰম্পৰা। বৰ্তমান দেশৰ অন্য প্ৰান্তৰ লগতে অসমতো নিৰ্ব্বাচন উপলক্ষে বাটৰ নাট, গীত – মাত আদি সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি থকা হৈছে । এইবোৰ জৰিয়তে বিজেপি নীতি-আদৰ্শ, কাম – কাজৰ সফলতাক ৰাইজৰ আগত অৱগত কৰা হয় ।

Exit mobile version