নগাঁও সংসদীয় সমষ্টিৰ বাবে নগাঁও জিলা নিৰ্বাচনী বিষয়াৰ অধীনস্থ ১৫ টা ভোট গ্ৰহন কেন্দ্ৰত মহিলা কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত হ’ব। জিলা নিৰ্বাচনী বিষয়াই জনোৱা মতে, নগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ হয়বৰগাওঁ কলংপাৰ এল পি স্কুলত ভোট গ্ৰহন কেন্দ্ৰৰ পূব খণ্ড, পশ্চিম খণ্ড, মধ্য খণ্ড, নগাঁও আইন মহাবিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰৰ পূৱ, পশ্চিম, মধ্য খণ্ড, নগাঁও বেঙ্গলী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পূব, পশ্চিম, মধ্য, উত্তৰ খণ্ড, ৰত্ন কান্ত বৰকাকতী হাইস্কুলৰ পশ্চিম, উত্তৰ কেণ্ড আৰু কিৰণবালা গোস্বামী ছোৱালী হাইস্কুল ভোট গ্ৰহন কেন্দ্ৰৰ পূৱ পশ্চিম দক্ষিন খণ্ডৰ ভোট গ্ৰহণৰ প্ৰক্ৰিয়া মহিলা কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত হ’ব। ইতিমধ্যে এই কেন্দ্ৰ সমূহৰ বাবে নিয়োজিত মহিলা কৰ্মচাৰী সকলক যাবতীয় প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। আনহাতে, কলিয়াবৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত কলিয়াবৰ মহকুমাৰ, নিৰ্বাচনী বিষয়াৰ অধীনস্থ কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দুটা ভোট গ্ৰহন কেন্দ্ৰত মহিলা কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত হ’ব। এই কেন্দ্ৰ দুটা হ’ল কুঁৱৰী টোল হাইস্কুল ভোট গ্ৰহন কেন্দ্ৰৰ ২ আৰু ৩ নং খণ্ড। ইয়াকে লৈ নগাঁও জিলাত মহিলা কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা ১৭টা হ’ব। উল্লেখ্য যে মহিলা ভোটাৰক আকৰ্ষণ কৰাৰ বাবেই নিৰ্বাচনী আয়োগে এই ব্যৱস্থা গ্ৰহণ কৰিছে।
নগাঁৱত মহিলা কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত হ’ব ১৫ টা ভোট গ্ৰহণ কেন্দ্ৰ
-
By publisher
ADVERTISEMENT
- Categories: Loksabha Election, News, Politics
- Tags: AssamCEO AssamLoksabha Election
Related Content
মোডীৰ সতৰ্কবাণীৰ পাছতে জম্মুৰ চাম্বা ছেক্টৰত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!
By
publisher
May 12, 2025
'দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য
By
publisher
May 12, 2025
তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!
By
publisher
May 12, 2025
Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত
By
publisher
May 12, 2025
Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ
By
publisher
May 12, 2025