ৰাজ্যত ৰাজনৈতিক হিংসাৰ আশংকা

নিৰ্ব্বাচনৰ দিন ঘোষণাৰ পাছত ৩২ টা অবৈধ মাৰণাস্ত্ৰ জব্দ আৰক্ষীৰ

ছ’চিয়েল মিডিয়াৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰখা বুলি সদৰী আৰক্ষী সঞ্চালক প্ৰধানৰ

লোকসভা নিৰ্ব্বাচনৰ প্ৰাকমুহূৰ্তত চুবুৰীয়া কে’বাখনো ৰাজ্যত ৰাজনৈতিক ঘটনা সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিতত অসমতো তেনে আশংকা কৰা হৈছে । যাৰ বাবে অসম আৰক্ষীয়ে প্ৰতিমুহূৰ্ততে কঠোৰ সতৰ্কতা অৱলম্বন কৰিছে । আজি ইয়াত এক সংবাদমেলত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুল শইকীয়াই কয়,’ ৰাজনৈতিক হিংসাত্মক ঘটনাৰ বিৰুদ্ধে আমি সাজু আছো । এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্হা গ্ৰহণ কৰা হৈছে ।’ শইকীয়াই জনায় যে নিৰ্ব্বাচনৰ পৰিপ্ৰেক্ষিতত অসমলৈ অতিৰিক্ত ৩৩টা কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ কোম্পানী আছে । এই কেইটাকে ধৰি পূৰ্বৰে পৰা অসমত থকা বাহিনীবোৰক সামৰি অসমত নিৰ্ব্বাচনী নিৰাপত্তাৰ দায়িত্বত নিয়োগ কৰা কোম্পানীৰ সংখ্যা হ’ল ৯০টা। ইয়াৰ উপৰি অসম আৰক্ষী আৰু ইয়াৰ বাহিনীসমূহো সমান্তৰালভাৱে এক দায়িত্বত নিয়োজিত হৈ আছে। অৱশ্যে সঞ্চালক প্ৰধানজনে কয় যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি)ৰ দায়িত্বত নিয়োজিত বাহিনীবোৰক নিৰ্ব্বাচনৰ কামত নিয়োগ কৰা নাই। আন্ত:ৰাজ্যিক সীমান্তৰ নিৰাপত্তাৰ বাবে চুবুৰীয়া ৰাজ্যকেইখনৰ আৰক্ষী সঞ্চালক প্ৰধানৰ লগতো নিয়মীয়াকৈ যোগাযোগ ৰক্ষা কৰা হৈছে বুলি শইকীয়াই জানিবলৈ দিয়ে।

Exit mobile version