নগাঁও :ভাৰতীয় ৰেল বিভাগৰ বিভিন্ন পদত নিযুক্তি দিয়াৰ নামত নিবনুৱা যুৱক-যুৱতীৰ পৰা ধন সংগ্ৰহ কৰা এজন প্ৰৱঞ্চকক কালি নগাঁও আৰক্ষীয়ে নগাঁও চহৰৰ পৰা গ্ৰেপ্তাৰ কৰে।ধৃত প্ৰৱঞ্চক জনৰ নাম হিৰেণ কাকতি।তেওঁৰ ঘৰ নগাঁও জিলাৰ নিজ ডিমৌত। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, নিজ ডিমৌৰ হিৰেণ কাকতি নামৰ লোকজনে আন এজন সহযোগীৰ সহযোগত চহৰ খনৰ একাংশ নিবনুৱা যুৱক যুৱতীৰ পৰা বহু লাখ টকা সংগ্ৰহ কৰিছিল।এই ধন ৰেল বিভাগত নিযুক্তিৰ নামত সংগ্ৰহ কৰা হৈছিল।পিছত প্ৰৱঞ্চক জনে ধন আদায় দিয়া নিবনুৱা সকলৰ মাজত ৰেল বিভাগৰ কেতবোৰ ভুৱা নিযুক্তি পত্ৰ বিতৰণ কৰে।কিন্তু নিযুক্তি পত্ৰ লৈ এঁও লোকে ৰেল বিভাগৰ গুৱাহাটীৰ কাৰ্যালয়ত যোগদানৰ বাবে যাঁওতে সকলো ৰহস্য ফাদিল হয়।প্ৰৱঞ্চিত যুৱক সকলৰ হৈ চিন্তামণি কোঁৱৰে এই সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।এই এজাহাৰৰ ভিৰ্তিতেই নগাঁও আৰক্ষীয়ে নগাঁও সদৰ থানাত ভাৰতীয় দণ্ড বিধিৰ ৪০৬/৪২০/৪৬৮ ধাৰাৰ অধীনত ৪৫১/২০১৯ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰে আৰু কালি নিশা প্ৰৱঞ্চক জনক গ্ৰেপ্তাৰ কৰে।আৰক্ষীয়ে আজি তেওঁক আদালতত হাজিৰ কৰাই দুদিনৰ বাবে নিজৰ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে।
ৰেল বিভাগত নিযুক্তিৰ নামত লাখ লাখ টকা সংগ্ৰহ
-
By publisher

ADVERTISEMENT
Related Content
মোডীৰ সতৰ্কবাণীৰ পাছতে জম্মুৰ চাম্বা ছেক্টৰত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!
By
publisher
May 12, 2025
'দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য
By
publisher
May 12, 2025
তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!
By
publisher
May 12, 2025
Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত
By
publisher
May 12, 2025
Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ
By
publisher
May 12, 2025