কোকৰাঝাৰত কংগ্ৰেছৰ শব্দ ৰাম ৰাভা আৰু ইউপিপিএলৰ উৰ্খাও গৌৰা ব্ৰহ্মৰ মনোনয়ন দাখিল

03 04 19 Kokrajhar UPPL candidate Urkhao Gwra Brahma nomination file

United People’s Party Liberal (UPPL) chief Candidate Urkhao Gwra Brahma files his nomination from Kokrajhar constituency in Assam ahead of the Lok Sabha Election 2019 in Kokrajhar, Assam on 03-04-19.pix by ub photos

জয়ী হলে সকলোৰে সমউন্নয়ন, সমঅধিকাৰ আৰু নিৰাপত্তাৰ হকে কাম কৰিম : উৰ্খাও

কোকৰাঝাৰ লোকসভা (জনজাতি ) সমষ্টিত কালি দুই হেভীয়েট প্ৰাৰ্থী ক্ৰমে-বিপিএফৰ প্ৰমিলাৰানী ব্ৰহ্ম আৰু নিৰ্দলীয় প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াই মনোনয়নপত্ৰ দাখিল কৰাৰ পিছত আজি সমষ্টিটোত কংগ্ৰেছ দলৰ প্ৰাৰ্থী শব্দৰাম ৰাভা আৰু ইউপিপিএল দল তথা এবছু সমৰ্থিত প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে । উল্লেখ্য যে আজি দুপৰীয়া কোকৰাঝাৰ জিলা কংগ্ৰেছ কাৰ্যালয় ৰনেন্দ্ৰ ভৱনৰ পৰা কেইবাহাজাৰ সমৰ্থকে শোভাযাত্ৰা কৰি জিলা উপায়ুক্ত কাৰ্যালয়লৈ কংগ্ৰেছৰ প্ৰাৰ্থী শব্দৰাম ৰাভাক আদৰি অনাৰ পিছত নিজৰ মনোনয়নপত্ৰ দাখিল কৰে শব্দৰাম ৰাভাই ৷ মনোনয়নপত্ৰ দাখিল কৰি সাংবাদিকৰ আগত শব্দৰাম ৰাভাই তেওঁৰ বিজয় নিশ্চিত বুলি দাবী কৰি বিপিএফ দলৰ প্ৰাৰ্থী প্ৰমিলা ৰানী ব্ৰহ্ম আৰু সাংসদ নৱ কুমাৰ শৰনীয়া তেওঁৰ বাবে কোনো ফেক্টৰ নহয় বুলি দাবী কৰিছে ৷ ৰাভাই বিপিএফৰ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক উভতি ধৰি হাগ্ৰামা মহিলাৰীক সুবিধাবাদী নেতা আখ্যা দিয়ে ৷ বিপিএফ দলক আদৰ্শহীন ৰাজনীতি দল বুলি কটাক্ষ কৰি সাংসদ নৱ কুমাৰ শৰনীয়াকো সাম্প্ৰদায়িক ৰাজনীতি কৰা বুলি কঠোৰ সমালোচনা কৰে ৷ শব্দৰাম ৰাভাই এইবেলি তেওঁৰ মূল যুঁজ এবছু সমৰ্থিত প্ৰাৰ্থী উৰ্খাও গৌড়া ব্ৰহ্মৰ সৈতে হব বুলিও দাবী কৰি তেওঁ নব্বৈ শতাংশ অবড়ো ভোট পাব বুলি আশা ব্যক্ত কৰিছে ৷ আনহাতে তেওঁ জয়ী হলে ছমাহৰ ভিতৰত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী পূৰণ কৰা,বিটিচি চুক্তি পুনৰীক্ষন কৰা,বিটিএডিত ভূমিৰ অধিকাৰৰ সমস্যা সমাধান কৰা আৰু ,কোচ ৰাজবংশী,গৰিয়া মৰিয়া,নাথযোগীকে ধৰি অবড়োৰ সাংবিধানিক অধিকাৰ সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ৷ মনোনয়নপত্ৰ দাখিলৰ সময়ত ৰাভাক সংগ দিয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰন সম্পাদক তথা বিটিএডি কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত নেতা বিশ্বজিৎ ৰায়, প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি তথা প্ৰাক্তন মন্ত্ৰী পৃথিৱী মাঝী, সম্পাদিকা অনুৰাধা হান্নানকে ধৰি জিলা কংগ্ৰেছৰ নেতৃবৰ্গই ৷ ইপিনে ইউপিপিএল দল তথা এবছু সমৰ্থিত প্ৰাৰ্থী উৰ্খাও গৌড়া ব্ৰহ্মই আজি হাজাৰ হাজাৰ সমৰ্থকক লৈ কোকৰাঝাৰ নিৰ্বাচনী বিষয়াৰ হাতত নিজৰ মনোনয়নপত্ৰ দাখিল কৰে ৷ কোকৰাঝাৰ চহৰৰ নিকটৰ জাংখ্ৰিথাই পথাৰৰ পৰা হাজাৰ হাজাৰ সমৰ্থকে প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মক বিপুলভাৱে আদৰণি জনাই এক আনন্দমুখৰ পৰিৱেশৰ মাজেৰে শোভাযাত্ৰাৰে সদৰ চহৰলৈ আদৰি আনে । গায়ন -বায়ন , বাগুৰুম্বা নৃত্য , গাৰো নৃত্য, ৰাভা নৃত্যৰ তালে তালে মুখৰিত হৈ জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মক আদৰি অনাৰ পিছত উৰ্খাও গৌৰা ব্ৰহ্মই নিজ মনোনয়নপত্ৰ জিলাত নিৰ্বাচনী বিষয়াৰ হাতত দাখিল কৰে । উল্লেখ্য যে আজি উৰ্খাও গৌড়া ব্ৰহ্মৰ মনোনয়ন দাখিলৰ সময়ত জনসাধাৰণৰ ব্যাপক সঁহাৰিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । মনোনয়ন দাখিলৰ অন্তত উৰ্খাও গৌৰা ব্ৰহ্মই সংবাদমাধ্যমৰ আগত কয় যে সাংসদ নৱ কুমাৰ শৰণীয়া এইবেলি তৃতীয় নতুবা চতুৰ্থ স্থানলৈ গুচি যাব বুলি মন্তব্য কৰিছে ৷ এইবেলি ৰাইজে পৰিৱৰ্তন বিচাৰিছে বাবেই হিলদল ভাঙি বিভিন্ন জাতি,জনগোষ্টীৰ লোক ওলাই আহিছে ৷ সেয়ে জয়ী হলে সকলোৰে সমউন্নয়ন, সমঅধিকাৰ আৰু নিৰাপত্তাৰ হকে কাম কৰিব বুলি সদৰি কৰিছে উৰ্খাও গৌড়া ব্ৰহ্মই ৷ মনোনয়নপত্ৰ দাখিলৰ সময়ছোৱাত প্ৰাৰ্থী উৰ্খাও গৌড়া ব্ৰহ্মক সংগ দিয়ে এবছু সভাপতি প্ৰমোদ বড়ো,পৰিষদীয় এমচিএল এ জিৰণ বসুমতাৰীকে ধৰি এবছুুু, এনডিএফবি (প্ৰ) পিজেএচিবিএমকে ধৰি ইউপিপিএল দলৰ বহু নেতাই ৷ উল্লেখ্য যে মনোনয়নপত্ৰ দাখিলৰ পূৰ্বে আজি ৰাতিপুৱা জাংখ্ৰিথাই পথাৰত ইছলাম ধৰ্মাৱলম্বী লোকৰ সৈতে সমূহীয়া মোনাজাতত(দোৱা) ভাগ লয় ইউপিপিএলৰ প্ৰাৰ্থী উৰ্খাও গৌড়া ব্ৰহ্মই ৷ আনহাতে আজি পূৰ্বাঞ্চল জনতা দল চমুকৈ পিজেপিৰ চৰণ ইছওৱাৰী আৰু তৃনমূল কংগ্ৰেছৰ কমলা কান্ত দৈমাৰীয়েও জিলা নিৰ্বাচনী বিষযাৰ ওচৰত নিজৰ মনোনয়নপত্ৰ দাখিল কৰিছে ৷

Exit mobile version