ডবকা ভেলৌগুৰিৰ ৰাষ্ট্ৰীয়পথত ফ্লাইং স্কোৱাড – আৰক্ষীৰ অভিযানত জব্দ ৬৬ লাখ।

JAMUNAMUKH

তেজপুৰত নগদ সাত লাখ ৮০ হেজাৰ জব্দ

হোজাই জিলাৰ ডবকাত আজি ফ্লাইং স্কোৱাডে জব্দ কৰে বৃহৎ পৰিমাণৰ ধন। ডবকা আৰক্ষী চকী পৰিদৰ্শক আৰু নিৰ্ব্বাচনী কৰ্তব্যত নিয়োজিত ফ্লাইং স্কোৱাডে যৌথ অভিযান চলাই ডবকাৰ ভেলৌগুৰিৰ ৩৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন বগা ৰঙৰ স্ক’ৰপিঅ’ বাহনৰ পৰা জব্দ কৰে ৬৬ লাখ টকা। তদুপৰি এই ধনৰ সৰবৰাহত জড়িত ফৈয়াজ আলী আৰু আব্দুল জলীল নামৰ লোকক আটক কৰে। টকাখিনি গাঁৱৰ পৰা হোজাইলৈ নি থকা হৈছিল । এই মুহূৰ্তলৈ ধনৰ প্ৰকৃতগৰাকী তথা ইয়াৰ সবিশেষ তথ্য উন্মোচিত হোৱা নাই। ইপিনে, তেজপুৰত বেবেজীয়া আৰক্ষী চকীৰ অন্তৰ্গত বালিপুখুৰী তিনিআলিত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি অভিযানকাৰী দলে সাত লাখ ৮০ হেজাৰ নগদ ধন জব্দ কৰে । ধনৰগৰাকীয়ে নথিপত্ৰ দেখুৱাব নোৱাৰাত জব্দ কৰা ধনখিনি তেজপুৰ কোষাগাৰলৈ প্ৰেৰণ কৰা হয়।

ADVERTISEMENT
Exit mobile version