‘ যিটো পৰিয়ালৰ সদস্যই জামিন লৈ বাহিৰত কাম কৰি আছে , সেই দলেটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘ চৌকিদাৰ চৌৰ হ্যেয়’ বুলি কৈছে । আপোনালোকে মোৰ চকিদাৰৰ বহী পৰীক্ষা কৰক। প্ৰকৃত সত্য ওলাই পৰিব।’ আজি এক সংবাদমেলত বিজেপিৰ ৰাজ্যিক প্ৰভাৰী মহেন্দ্ৰ সিঙে কংগ্ৰেছক উদ্দেশ্যি এইদৰে কয়। সমগ্ৰ দেশ তথা ৰাজ্য মোদীময় হৈ থকাৰ বিপৰীতে দেশৰ প্ৰধানমন্ত্ৰী বিৰুদ্ধে ‘চোৰৰ’ দৰে অশালীন শব্দ ব্যৱহাৰ কৰিব নালাগে বুলি কয়। দেশৰ প্ৰতিৰক্ষা, সুৰক্ষা ব্যৱস্হাকে ধৰি চাহ শ্ৰমিক , কৃষক আদি সকলোৰে বৰ্তমানৰ বিজেপি চৰকাৰে উন্নয়ন সাধন কৰা বুলি তেওঁ কয়। ইপিনে, ৰাজ্যৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ গৃহীত হোৱাৰ পাছতো অসমত প্ৰযোজ্য নোহোৱা সন্দৰ্ভত সাংবাদিকে সোধাত তেওঁ এই বিষয়ে অবগত নহয় বুলি কয়। তদুপৰি নাগৰিকত্ব বিধেয়ক সন্দৰ্ভতো তেওঁ কোনো মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে । সিঙে কয় এই বিষয়ে বহুবাৰ চৰ্চা হৈছে , এতিয়া এই নিৰ্ব্বাচনৰ সময়ত ইয়াৰ পুনৰ আলোচনাৰ আৱশ্যকতা নাই ।’
বিজেপিয়ে গ্ৰহণ কৰা স্হিতি সদায় একে : নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত ক’লে মহেন্দ্ৰ সিঙে
-
By publisher
ADVERTISEMENT
- Categories: Loksabha Election, News
- Tags: BJPCongress
Related Content
ভাৰত-পাকিস্তানৰ সংঘাতৰ বাবে বন্ধ হৈ থকাৰ পাছত বুধবাৰৰ পৰা পুনৰ আৰম্ভ হয় বৈষ্ণ দেৱী হেলিকপ্টাৰ সেৱা
By
publisher
May 14, 2025
ড্র'ন আক্ৰমণ প্ৰতিহত কৰিবলৈ এইবাৰ ভাৰতৰ হাতত আছে ‘ভার্গবাস্ত্র’!
By
publisher
May 14, 2025
পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম
By
publisher
May 14, 2025
ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰি বিপদত পৰিল বিজেপি মন্ত্ৰীৰ
By
publisher
May 14, 2025
Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ
By
publisher
May 14, 2025
Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স'তে বাৰ্তালাপ
By
publisher
May 14, 2025