বিজেপিয়ে গ্ৰহণ কৰা স্হিতি সদায় একে : নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত ক’লে মহেন্দ্ৰ সিঙে

‘ যিটো পৰিয়ালৰ সদস্যই জামিন লৈ বাহিৰত কাম কৰি আছে , সেই দলেটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘ চৌকিদাৰ চৌৰ হ্যেয়’ বুলি কৈছে । আপোনালোকে মোৰ চকিদাৰৰ বহী পৰীক্ষা কৰক। প্ৰকৃত সত্য ওলাই পৰিব।’ আজি এক সংবাদমেলত বিজেপিৰ ৰাজ্যিক প্ৰভাৰী মহেন্দ্ৰ সিঙে কংগ্ৰেছক উদ্দেশ্যি এইদৰে কয়। সমগ্ৰ দেশ তথা ৰাজ্য মোদীময় হৈ থকাৰ বিপৰীতে দেশৰ প্ৰধানমন্ত্ৰী বিৰুদ্ধে ‘চোৰৰ’ দৰে অশালীন শব্দ ব্যৱহাৰ কৰিব নালাগে বুলি কয়। দেশৰ প্ৰতিৰক্ষা, সুৰক্ষা ব্যৱস্হাকে ধৰি চাহ শ্ৰমিক , কৃষক আদি সকলোৰে বৰ্তমানৰ বিজেপি চৰকাৰে উন্নয়ন সাধন কৰা বুলি তেওঁ কয়। ইপিনে, ৰাজ্যৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ গৃহীত হোৱাৰ পাছতো অসমত  প্ৰযোজ্য নোহোৱা সন্দৰ্ভত সাংবাদিকে সোধাত তেওঁ এই বিষয়ে অবগত নহয় বুলি কয়। তদুপৰি নাগৰিকত্ব বিধেয়ক সন্দৰ্ভতো তেওঁ কোনো মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে । সিঙে কয় এই বিষয়ে বহুবাৰ চৰ্চা হৈছে , এতিয়া এই নিৰ্ব্বাচনৰ সময়ত ইয়াৰ পুনৰ আলোচনাৰ আৱশ্যকতা নাই ।’

Exit mobile version