অহা ২৩ এপ্ৰিলত অনুষ্টিত হবলগীয়া বৰপেটা লোকসভা সমষ্টিৰ বাবে আজি তিনিজন হাইপ্ৰফাইল প্ৰাৰ্থীয়ে বৰপেটা জিলা ৰিৰ্টানিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে ৷ এওলোক হল ক্ৰমে অগপ বিজেপি মিত্ৰ জোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাস , কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুল খালেক আৰু এআই ইউ ডি এফ দলৰ প্ৰাৰ্থী ডঃ ৰফিকুল ইছলাম ৷ অগপ বিজেপি মিত্ৰ জোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসে বৰপেটা পৌৰসভাৰ খেল পথাৰৰ পৰা গায়ন- বায়ন , নাম, বিহু আদি দলৰ সৈতে প্ৰায় বিশ হাজাৰ সমৰ্থকক লগত লৈ চহৰৰ মাজেৰে সমদল কৰি মনোনয়ন দাখিল কৰে ৷ অগপৰ প্ৰাৰ্থী দীপক দাসে মনোনয়ন পত্ৰ দাখিল কৰা সময়ত অগপৰ সভাপতি অতুল বৰা , বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাস , মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিপিএফৰ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰী আৰু ভূপেন ৰয় উপস্থিত থাকে ৷ ইপিনে এ আই ইউ ডি এফৰ প্ৰাৰ্থী ডঃ ৰফিকুল ইছলামেও সভাপতি বদৰুদ্দিন আজমল , ধিং বিধান সভা সমষ্টিৰ বিধায়ক আমিনুল ইছলাম , দক্ষিণ অভয়াপুৰীৰ বিধায়ক অনন্ত মালে , প্ৰাক্তন বিধায়ক আলী হুছেইন আৰু হাফিজ বছিৰ কাছিমী সহিতে প্ৰায় ২৫ হাজাৰ সমৰ্থকক লৈ শক্তি প্ৰদৰ্শন কৰে ৷ আনহাতে কংগ্ৰেছৰ আব্দুল খালেকে বহু সংখ্যক সমৰ্থকক লৈ মনোনয়ন পত্ৰ দাখিল কৰে ৷ খালেকে মনোনয়ন পত্ৰ দাখিল কৰা সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মণ ,বাঘবৰৰ বিধায়ক শ্বেৰমান আলী , সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন , চেঙাৰ বিধায়ক শুকুৰ আলী আহমেদ , উত্তৰ অভয়াপুৰীৰ বিধায়ক আব্দুল হাই নাগেৰী আৰু বৰপেটা জিলা পৰিষদৰ সভানেত্ৰী নাজিমা খানম উপস্থিত থাকে ৷ ইয়াৰ উপৰিও নেচনেল ৰিপাব্লিকান কংগ্ৰেছ দলৰ ভদ্ৰেশ্বৰ বৰ্মণ আৰু আৰ পি আই দলৰ ৰেজাউল কৰিমেও মনোনয়ন দাখিল কৰে ৷ উল্লেখ্য যে , কালিৰে সহিতে বৰপেটা লোকসভাত মুঠ সাতজন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিলে ৷ কালি মনোনয়ন দাখিল কৰা প্ৰাৰ্থী দুজন আছিল ক্ৰমে তৃণমূল কংগ্ৰেছৰ এচাহাক আলী দেৱান আৰু এছ ইউ চি আই ( কমিনিউষ্ট ) দলৰ ডঃ চিত্ৰলেখা দাস ৷
বৰপেটাত আজি হাইপ্ৰফাইল তিনি প্ৰাৰ্থীৰ মনোনয়ন দাখিল
-
By publisher

- Categories: Loksabha Election, News, Politics
- Tags: AgpAIUDFCongressLoksabha Election
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025