অহা ২৩ এপ্ৰিলত অনুষ্টিত হবলগীয়া বৰপেটা লোকসভা সমষ্টিৰ বাবে আজি তিনিজন হাইপ্ৰফাইল প্ৰাৰ্থীয়ে বৰপেটা জিলা ৰিৰ্টানিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে ৷ এওলোক হল ক্ৰমে অগপ বিজেপি মিত্ৰ জোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাস , কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুল খালেক আৰু এআই ইউ ডি এফ দলৰ প্ৰাৰ্থী ডঃ ৰফিকুল ইছলাম ৷ অগপ বিজেপি মিত্ৰ জোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসে বৰপেটা পৌৰসভাৰ খেল পথাৰৰ পৰা গায়ন- বায়ন , নাম, বিহু আদি দলৰ সৈতে প্ৰায় বিশ হাজাৰ সমৰ্থকক লগত লৈ চহৰৰ মাজেৰে সমদল কৰি মনোনয়ন দাখিল কৰে ৷ অগপৰ প্ৰাৰ্থী দীপক দাসে মনোনয়ন পত্ৰ দাখিল কৰা সময়ত অগপৰ সভাপতি অতুল বৰা , বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাস , মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিপিএফৰ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰী আৰু ভূপেন ৰয় উপস্থিত থাকে ৷ ইপিনে এ আই ইউ ডি এফৰ প্ৰাৰ্থী ডঃ ৰফিকুল ইছলামেও সভাপতি বদৰুদ্দিন আজমল , ধিং বিধান সভা সমষ্টিৰ বিধায়ক আমিনুল ইছলাম , দক্ষিণ অভয়াপুৰীৰ বিধায়ক অনন্ত মালে , প্ৰাক্তন বিধায়ক আলী হুছেইন আৰু হাফিজ বছিৰ কাছিমী সহিতে প্ৰায় ২৫ হাজাৰ সমৰ্থকক লৈ শক্তি প্ৰদৰ্শন কৰে ৷ আনহাতে কংগ্ৰেছৰ আব্দুল খালেকে বহু সংখ্যক সমৰ্থকক লৈ মনোনয়ন পত্ৰ দাখিল কৰে ৷ খালেকে মনোনয়ন পত্ৰ দাখিল কৰা সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মণ ,বাঘবৰৰ বিধায়ক শ্বেৰমান আলী , সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন , চেঙাৰ বিধায়ক শুকুৰ আলী আহমেদ , উত্তৰ অভয়াপুৰীৰ বিধায়ক আব্দুল হাই নাগেৰী আৰু বৰপেটা জিলা পৰিষদৰ সভানেত্ৰী নাজিমা খানম উপস্থিত থাকে ৷ ইয়াৰ উপৰিও নেচনেল ৰিপাব্লিকান কংগ্ৰেছ দলৰ ভদ্ৰেশ্বৰ বৰ্মণ আৰু আৰ পি আই দলৰ ৰেজাউল কৰিমেও মনোনয়ন দাখিল কৰে ৷ উল্লেখ্য যে , কালিৰে সহিতে বৰপেটা লোকসভাত মুঠ সাতজন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিলে ৷ কালি মনোনয়ন দাখিল কৰা প্ৰাৰ্থী দুজন আছিল ক্ৰমে তৃণমূল কংগ্ৰেছৰ এচাহাক আলী দেৱান আৰু এছ ইউ চি আই ( কমিনিউষ্ট ) দলৰ ডঃ চিত্ৰলেখা দাস ৷
বৰপেটাত আজি হাইপ্ৰফাইল তিনি প্ৰাৰ্থীৰ মনোনয়ন দাখিল
-
By publisher

- Categories: Loksabha Election, News, Politics
- Tags: AgpAIUDFCongressLoksabha Election
Related Content
Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
By
publisher
March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
By
publisher
March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
By
publisher
March 9, 2026
Rajyasabha Election Result:ঘোষণা হ'ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
By
publisher
March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
By
publisher
March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
By
publisher
March 9, 2026
