মথুৰাত ট্ৰেক্টৰ চলাই হেমা মালিনীৰ প্ৰচাৰ

hema1 040519061106

ছ’চিয়েল মিডিয়াত ওমৰ আব্দুল্লাৰ ট্ৰল

এইবাৰ লোকসভা নিৰ্ব্বাচনৰ মথুৰা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তথা প্ৰবীণ অভিনেত্ৰী হেমা মালিনীৰ প্ৰচাৰ অভিযানে বহু লোকৰ দৃষ্টি আকৰ্ষণ কৰিছে । কিছুদিন পূৰ্বে বিজেপিত যোগদান কৰি দলৰ প্ৰাৰ্থীত্ব লাভ কৰা একালৰ সমাজবাদী পাৰ্টিৰ সাংসদগৰাকীয়ে অভিনৱ ধৰণেৰে প্ৰচাৰ চলাইছে ।শেহতীয়াভাৱে তেওঁ ট্ৰেক্টৰ চলাই প্ৰচাৰত নমাৰ ফটো ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈছে । এই ফটোৱে অগণন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ দৃষ্টি আকৰ্ষণ কৰিছে । ফটোখনত গুলপীয়া শাড়ী আৰু ছানগ্লাছ পৰিধান কৰি মুখত মিচিকিয়া হাঁহি বিৰিঙাই হেমা মালিনীয়ে ট্ৰেক্টৰৰ ষ্টিয়েৰিং পকাই থকা দেখা গৈছে । এটা ফটোত দৃষ্টি পৰিছে নেচনেল কনফাৰেন্স দলৰ নেতা তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ । স্বাভাৱিকতে বিৰোধী দলৰ নেতাজনে ফটোখনক লৈ কটাক্ষ কৰিছে। তেওঁ ছ’চিয়েল মিডিয়াত হেমা মালিনীক ট্ৰলো কৰিছে । হেমা মালিনীয়ে চলাই থকা ট্ৰেক্টৰখনক চৌখিন (ফেন্সী)ট্ৰেক্টৰ বুলি আব্দুল্লাই মন্তব্য কৰি কয়, ‘ ট্ৰেক্টৰখনৰ কাষত থকা ড্ৰামবোৰ কি? কোনোবাই মোক নক’ব যে সেইবোৰ চৌপাশ শীতল কৰিবৰ বাবে ব্যৱহাৰ কৰা সেমেকা বতাহ দিয়া জেনেৰেটৰ বুলি । সেইখন এখন ফেন্সী ট্ৰেক্টৰ ।

Exit mobile version