ঢেকিয়াজুলি আৰু ৰঙাপৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ স্থানান্তৰ

download

বিজেপিৰ হৈ কাম কৰাৰ অভিযোগ : নিৰ্বাচন আয়োগৰ কঠোৰ ব্যৱস্থা

ঠেলামৰা :নিৰ্বাচনী বিধি উলংঘাৰে শাসক বিজেপিৰ হৈ কাম কৰা বুলি উত্থাপিত অভিযোগৰ তদন্ত কৰি শোণিতপুৰৰ ঢেকিয়াজুলি আৰু ৰঙাপৰা থানাৰ পৰিদৰ্শক পৰ্য্যায়ৰ ভাৰপ্ৰাপ্ত বিষয়া দুগৰাকীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে । নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি আজি তৎকালীনভাৱে অসম আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষই কৰ্তব্যৰ পৰা আহৰাই মুখ্য কাৰ্যালয়লৈ স্থানান্তৰ কৰা এই আৰক্ষী পৰিদৰ্শক দুগৰাকী হল -ঢেকিয়াজুলি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ মোহন পাটোৱাৰী আৰু ৰঙাপৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বুধিন পেগু ।এই বিষয়া দুগৰাকীয়ে শাসক বিজেপি দলৰ হৈ কাম কৰা বুলি কংগ্ৰেছ দলৰ তৰফৰ পৰা নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছিল । প্ৰদেশ কংগ্ৰেছৰ সাধাৰন সম্পাদক তথা দলটোৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ঢেকিয়াজুলি প্ৰেছ ক্লাবত আয়োজন কৰা এক সংবাদমেলতো এই অভিযোগ উত্থাপন কৰি কৈছিল যে, নিষ্ঠাবান দলীয় কৰ্মীৰ দৰে কাম কৰি ঢেকিয়াজুলি আৰু ৰঙাপৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দুগৰাকীয়ে শাসক দলক নিৰ্বাচনত সহায় কৰি আছে ।

Exit mobile version