চুৰিৰ গোচৰত অভিযুক্ত হৈ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ থকা আচামি আজি পলায়ন কৰে তেজপুৰ আদালতৰ পৰা৷ তেজপুৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাবলৈ অনাৰ মুহুৰ্ততে চেগ বুজি আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰে ইক্ৰামুল হুছেইন নামৰ অভিযুক্তই৷ বালিপৰা খনামুখৰ এই আচামীৰ বিৰুদ্ধে গোচন পঞ্জীয়ন হৈ আছে ৰঙাপৰা আৰক্ষী থানাত৷ ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৯ ধাৰামৰ্মে ৩১/১৯ ত পঞ্জীভুক্ত গোচৰত কিছুদিনৰ পূৰ্বে ৰঙাঘৰলৈ প্ৰেৰণ কৰা হৈছিল। আজি পলায়নৰ পাছতে আদালত চৌহদত হাঁহাকাৰ লাগে আৰক্ষীৰ মাজত৷ আৰক্ষীয়ে আচামী বিচাৰি চলাথ কৰে যদিও সন্ধ্যা পৰ্যন্ত কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ ইফালে এই ঘটনা কৰ্তব্যৰত আৰক্ষী গাফিলতিৰ বাবেই সংঘটিত হৈছে বুলি অভিযোগ উঠিছে।7
আৰক্ষীৰ হাতৰ পৰা অপৰাধী পলায়ন
-
By publisher
Related Content
বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
By
publisher
April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
By
publisher
April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
By
publisher
April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
By
publisher
April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
By
publisher
April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
By
publisher
April 29, 2026