১০৪ বছৰীয়া আইতাই দিলে ভোট

 

এক বিৰল অভিলেখ গঢ়িছে মৰাণৰ এগৰাকী মহিলা ভোটাৰে ৷ মৰাণ নগৰ সমিতিৰ অন্তৰ্গত ৪ নং ৱাৰ্ডৰ প্ৰয়াত হৰিমন পালৰ পত্নী লক্ষী পাল নামৰ এই আইতাগৰাকীৰ বয়স ইতিমধ্যে ১০৪ বছৰ সম্পূৰ্ণ হৈছে ৷ এইবাৰ অনুষ্ঠিত লোকসভা নিৰ্বাচনত দেশৰ আটাইতকৈ বয়োজেষ্ঠ মহিলা ভোটাৰ হিচাপে ইতিহাস গঢ়িছে মহিলাগৰাকীয়ে ৷ ইয়াৰ পূৰ্বে স্বাধীন ভাৰতৰ আটাইতকৈ বয়োজেষ্ঠ ভোটাৰ হিচাপে স্বীকৃতি লাভ কৰিছিল ১০২ বছৰত ভোটদান সাব্যস্ত কৰা শ্যাম চৰণ নেগীয়ে ৷ আজি লক্ষী পালে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৪০ নং ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান সাব্যস্ত কৰাৰ লগে লগে এই বিৰল সন্মান লাভ কৰিছে  ৷ আজি মহিলাগৰাকী ভোটগ্ৰহণ কেন্দ্ৰলৈ অহা-যোৱাৰ সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰি দিছে মাহমৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াগৰাকীয়ে ৷

Exit mobile version