ডুমডুমা:অসমৰ বাপতি সাহোন বহাগ বিহু উদযাপনত অসম – অৰুনাচলৰ সীমান্তৱৰ্তী অঞ্চল শদিয়াবাসীৰ আছে এক সুকীয়া বৈশিষ্ট৷প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি প্ৰতি বছৰে ব’হাগ মাহৰ প্ৰথম বুধবাৰৰ পৰা ৰঙালী বিহু উদযাপন কৰাৰ নিয়ম প্ৰচলিত হৈ আহিছে শক্তিৰ পীঠ ৰূপে খ্যাত তথা বিশ্ব খ্যাত চাৰিশাল গোঁসানীৰ দেশ শদিয়াত৷অতীজৰ ৰীতি-নীতি,পৰম্পৰা ৰক্ষা কৰি আজি ব’হাগৰ প্ৰথম বুধবাৰটোৰ কাহিলীপুৱাতে শদিয়াৰ প্ৰতিখন গাঁৱৰ চহা-ৰাইজে নিজ নিজ গাঁৱৰ নিৰ্দিষ্ট স্থানত একত্ৰিত হৈ নিজৰ গোহালিৰ গৰুবোৰক মাহ-হালধী ঘঁহি গা-ধুৱাই আৰু গৰুৰ গাত দীঘলতি,মাখিয়তী,লাও,বেঙেনাৰে কোৱায় বৰ বৰ গৰু হোৱাৰ লগতে ৰোগ-ব্যাধিৰ পৰা পৰিত্ৰাণ পোৱাৰ কামনা কৰে৷ইয়াৰ পিছতে শদিয়াৰ চাৰিও দিশত থকা বুঢ়াবুঢ়ী শাল,পাটৰ শাল,বলিয়া শালত আজি পৰম্পৰাগত ৰীতি-নীতিৰে শদিয়াবাসীয়ে পূজা-অৰ্চনা কৰি নেদেখাজনৰ ওচৰত সেৱা লয় আৰু অহা শুক্ৰবাৰে কেঁচাইখাইতী শালত পূজা অনুষ্ঠিত হ’ব৷উল্লেখযোগ্য যে আজি শদিয়াৰ অতি জাগ্ৰত আধ্যাত্মিক থান বুঢ়াবুঢ়ী শালত অনুষ্ঠিত হোৱা পূজাত প্ৰায় অৰ্ধশতাধিক ছাগলীৰ বলি-বিধান কৰে ৷এই বলি-বিধান প্ৰক্ৰিয়া ইতিহাসে ধুকি নোপোৱা দিনৰ পৰাই শদিয়াৰ অতি জাগ্ৰত এই চাৰিওখন শালত প্ৰচলিত হৈ আছে বুলি বিশ্বাস কৰে ৰাইজে৷ বছৰটোৰ আহিবলগীয়া দিনবোৰ কুশল-মংগল হোৱাৰ মনোকামনা কৰি বছৰেকৰ বিহুটিৰ গৰু বিহুৰ দিনা এইদৰে সেৱা লৈ নতুন বছৰটো আৰম্ভ কৰে শদিয়াবাসীয়ে৷
ঐতিহাসিক পৰম্পৰা ৰক্ষা কৰি বুঢ়াবুঢ়ী শালত অৰ্ধশতাধিক ছাগলীৰ বলি-বিধানেৰে আজিৰে পৰা শদিয়াবাসীয়ে নমালে ব’হাগ বিহু
-
By publisher

ADVERTISEMENT
- Categories: Culture, News, Spirituality, Tourism
Related Content
মোডীৰ সতৰ্কবাণীৰ পাছতে জম্মুৰ চাম্বা ছেক্টৰত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!
By
publisher
May 12, 2025
'দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য
By
publisher
May 12, 2025
তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!
By
publisher
May 12, 2025
Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত
By
publisher
May 12, 2025
Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ
By
publisher
May 12, 2025