
গামোছা আৰনাইৰ প্ৰতীকৰে সাজি উলিয়াইছে কানৰ গহনা-নোটবুকৰ আৱৰ
ওদালগুৰি : ৰাজ্যত এতিয়া ৰঙালীৰ পাৰভঙা উচাহ। অসমীয়াই বিহুত পিন্ধিবলৈ সাজ-পোচাককে আদি কৰি বিভিন্ন সামগ্ৰীৰ বজাৰ কৰিবলৈ ভিৰ কৰিছেহি বিপনীত। বজাৰ অথবা বিপনী এতিয়া উভয়নদী হৈ পৰিছে বিহুৰ সৈতে জড়িত থকা সামগ্ৰী তথা বিভিন্ন অলংকাৰেৰে। বিপনীয়ে বিপনীয়ে সহজেই উপলব্ধ হৈ পৰিছে বহি:ৰাজ্যত নিৰ্মিত অথবা প্লাষ্টিকৰ সামগ্ৰী। ইয়াৰ মাজতে এক ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লৈছে ওদালগুৰিৰ এগৰাকী যুৱতীয়ে। কুইন জি. তালুকদাৰৰ হাতৰ পৰশত নতুন ৰূপত প্ৰাণ পাই উঠিছে গামোচা-আৰনাইৰে নিৰ্মিত কাণৰ গহনা অথবা নোটবুকৰ আৱৰে।গুৱাহাটীৰ চান্দমাৰীস্থিত আৰ্টিষ্ট গীল্ডত কলা শিক্ষা অধ্যয়ণৰত কুইন জি তালুকদাৰে গামোচাৰ চানেকীৰে নিৰ্মাণ কৰি উলিয়াইছে কাণ ফুলি, মোনা, শুভেচ্ছা পত্ৰৰ লগতে বিভিন্ন সামগ্ৰী। গামোচা আৰু আৰনাইৰে প্ৰস্তুত কৰি উলিয়াইছে নোটবুকৰ আৱৰ। ইয়াৰোপৰি প্লেটত অংকন কৰিছে বিভিন্ন চানেকি, কপৌফুলৰ চিত্ৰৰ লগতে বিভিন্ন মুখা চিত্ৰ। তেওঁ ২০১৬ত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত যুৱ মহোৎসৱত কলা শাখাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। সাংবাদিকৰ আগত মত ব্যক্ত কৰি যুৱতীগৰাকীয়ে কয় যে তেওঁ নিৰ্মাণ কৰা সামগ্ৰীসমূহৰ সমাদৰ অসমৰ বিভিন্ন অঞ্চলত সমাদাৰ লাভ কৰাৰ লগতে তেওঁৰ সামগ্ৰীৰ চাহিদাও বৃদ্ধি পাইছে।