লোকসভা নিৰ্ব্বাচনৰ প্ৰচাৰ তুংগত উঠাৰ সময়তে একেখন মঞ্চত উপবিষ্ট হ’ল একালৰ ঘোৰ শত্ৰু মুলায়ম সিং যাদৱ আৰু মায়াৱতী । বিজেপিক প্ৰতিহিত কৰাৰ স্বাৰ্থত এইবাৰ উত্তৰ প্ৰদেশৰ মুলায়ম নেতৃত্বাধীন সমাজবাদী পাৰ্টি আৰু মায়াৱতী নেতৃত্বাধীন বহুজন সমাজ পাৰ্টি (বি এছ পি)য়ে মিত্ৰতাৰে লোকসভা নিৰ্ব্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে । ইয়াক লৈ হৈ থকা চৰ্চাই আজি বিশেষ মাত্ৰা লাভ কৰে। কাৰণ আজি এক নিৰ্ব্বাচনী সভাত মুলায়ম আৰু মায়াৱতীক একেখন মঞ্চতে দেখা যায় । সভাখন মুলায়মৰ সমৰ্থনত আয়োজন কৰা হৈছিল । একালৰ ঘোৰ শত্ৰু মুলায়মৰ সমৰ্থনত প্ৰচাৰ চলোৱা উদ্দেশ্যে তেওঁৰ সমষ্টি মেইনপুৰীত আয়োজিত সভাখনত মায়াৱতীও অংশ লয়। যি এক বিৰল ঘটনা বুলি ৰাজনৈতিক বিশ্লেষকসকলে আখ্যা দিছে । মুলায়মৰ স’তে একেখন মঞ্চতে আসন গ্ৰহণ কৰাই নহয়, মুলায়মক প্ৰশংসাৰেও উপচাই পেলায় মায়াৱতীয়ে। মুলায়মক প্ৰশংসা কৰিবলৈ গৈ মায়াৱতীয়ে নৰেন্দ্ৰ মোদীক ভেজাল আখ্যা দিয়ে।
একেখন মঞ্চতে উপবিষ্ট হ’ল একালৰ ঘোৰ শত্ৰু মূলায়ম-মায়াৱতী
-
By publisher

ADVERTISEMENT
- Categories: Loksabha Election, News
- Tags: Loksabha Election
Related Content
যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী
By
publisher
May 10, 2025
ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ
By
publisher
May 10, 2025
ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই
By
publisher
May 10, 2025
কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!
By
publisher
May 10, 2025