মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপি চৰকাৰে জাতি-বৰ্ণ ভাষা-ধৰ্ম নিৰ্বিশেষে সকলোৰে উন্নতিৰ হকে কাম কৰি অহা বুলি দাবী কৰি অহাৰ সময়তে পুনৰ সাম্প্ৰদায়িক মন্তব্য কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে। কালি বৰপেটা জিলাৰ বহৰিত এখন নিৰ্ব্বাচনী সভাত অংশ লোৱাৰ সময়ত ৰাজ্যিক বিজেপিৰ সভাপতিজনে ৰমজানৰ নামত এমাহ দোকান-পোহাৰ বন্ধ ৰখা বৰপেটা জনীয়া-কলগাছিয়াত অসমীয়া নাই বুলি মন্তব্য কৰে। কিছুমাহ পূৰ্বে বৰপেটাৰ কেতবোৰ অঞ্চললৈ গ’লে পাকিস্তান যেন লাগে বুলি মন্তব্য কৰি বিতৰ্কৰ সূত্ৰপাত ঘটোৱা ৰাজ্যিক বিজেপিৰ সভাপতিজনে ধৰ্মীয় সংখ্যালঘু লোকসকলক ইংগিত কৰি কয় ,’উজনি অসমত অসমীয়া কৃষ্টি-সংস্কৃতিৰ পয়োভৰ দেখিবলৈ পোৱাৰ বিপৰীতে ধুবুৰী আৰু বৰপেটাৰ একাংশ অঞ্চললৈ গ’লে নিজকে অসমীয়া যেন নালাগে । ৰমজানৰ নামত এমাহ ধৰি দোকান-পোহাৰ বন্ধ ৰখা এইখন অসম বা ভাৰতৰ কোনো অঞ্চললৈ গ’লে আপোনাৰ কেনে লাগিব? ‘
জনীয়া-কলগাছিয়াত নাই অসমীয়া সংস্কৃতি
-
By publisher

ADVERTISEMENT
- Categories: Loksabha Election, News
- Tags: AssamAssam BJPLoksabha Election
Related Content
ভাৰত-পাকিস্তানৰ সংঘাতৰ বাবে বন্ধ হৈ থকাৰ পাছত বুধবাৰৰ পৰা পুনৰ আৰম্ভ হয় বৈষ্ণ দেৱী হেলিকপ্টাৰ সেৱা
By
publisher
May 14, 2025
ড্র'ন আক্ৰমণ প্ৰতিহত কৰিবলৈ এইবাৰ ভাৰতৰ হাতত আছে ‘ভার্গবাস্ত্র’!
By
publisher
May 14, 2025
পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম
By
publisher
May 14, 2025
ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰি বিপদত পৰিল বিজেপি মন্ত্ৰীৰ
By
publisher
May 14, 2025
Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ
By
publisher
May 14, 2025
Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স'তে বাৰ্তালাপ
By
publisher
May 14, 2025